Breaking

চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…

0 75

খুড়া ভতিজাৰ মাজৰ ঘৰুৱা কন্দলে ৰূপ ল’লে ভয়ংকৰ মাৰপিটৰ । চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিট । মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই ফৈদৰে বহু লোক । উল্লেখ্য যে চাৰিলেনযুক্ত পথ নিৰ্মাণত ভূমি আৰু গৃহ বাবদ অহা টকালৈ বহু দিনৰে পৰা সংঘটিত হৈ আছে এই কাজিয়া ।

অৱশেষত ঘৰুৱা কাজিয়াই সৃষ্টি হয় দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ । গুৰুতৰ ভাৱে আহত লোকসকলক তাৎক্ষণিকভাবে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে। দুই পক্ষৰ মাৰপিটত গুৰুতৰভাৱে আহত হয় ইউছুপ আলী, সুৰত জামাল, ময়নাল হক (এক পক্ষ)

আনহাতে আহত হয় আব্দুল বাৰেক, আলিমা খাতুন, ছাদ্দাম হুছেইন,আয়ুব আলী, তাজনুৰ বুলি জানিব পৰা গৈছে।উন্নত চিকিৎসাৰ বাবে আব্দুল বাৰেক, আলিমা খাতুন আৰু সুৰত জামাল, ইউছুপ আলীক বঙাইগাঁও লৈ প্ৰেৰণ কৰে।উক্ত ঘটনা সংক্ৰান্তত দুয়ো পক্ষই চাপৰ আৰক্ষী থানাত পৃথককৈ এজাহাৰ দাখিল কৰে।উক্ত ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.