Breaking

মানালীৰ হৰপাৰ বানে উটুৱাই লৈ গ’ল ‘তাচ পাত’ৰ দৰে পাঁচ মহলীয়া হোটেল

0 111

মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন সম্পূৰ্ণ পাঁচ মহলীয়া হোটেল হৰপা বানে উটুৱাই লৈ গ’ল। পোহৰলৈ আহিছে ভয়ংকৰ ভিডিঅ’টো।

ভিডিঅ’টোত হোটেলখনৰ কাষেৰে বৈ গৈছে বিপুল পৰিমাণৰ পানী। হৰপা বানৰ বিশাল পানীৰ হেঁচাত তাচঘৰৰ দৰে ভাঙি পৰিল হোটেলখন। স্থানীয় একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি হোটেলখন ভাঙি পৰাৰ সময়ত হোটেলখনত কোনো নাছিল। ফলত কোনো লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাছিল। মনালীত সংঘটিত হৈছে এই ঘটনা।

বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে হিমাচল প্ৰদেশ সংকটত। ক’ৰবাত ভাঙি ভূমিস্খলন, ক’ৰবাত বিপদ ৰেখাৰ ওপৰেৰে পানী বৈ আছে। ক’ৰবাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু ঠাইত ভাঙি গৈছে ঘৰ।

ইতিমধ্যে সেই ৰাজ্যত বৰষুণৰ বাবে ৩০ জন লোকৰ মৃত্যু হৈছে। ৩ হাজাৰ কোটি মূল্যৰ সা-সম্পত্তি ধ্বংস হয়। প্ৰশাসনৰ সূত্ৰৰ মতে, ৰাজধানী শিমলাত সৰ্বাধিক মৃত্যু হৈছে। মৃত্যু হৈছে ১১ জন। আৰক্ষীয়ে জনোৱা মতে, মৃত্যু হোৱা ৩০ জন লোকৰ ভিতৰত ২৯ জন লোকক চিনাক্ত কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰৰ পৰা পৰিস্থিতি কিছু উন্নত হ’ব বুলি জানিবলৈ দিয়ে। তেওঁলোকৰ ভাষাত “হিমাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। কিন্তু কাইলৈৰ পৰা পৰিস্থিতি সামান্য উন্নত হ’ব। বৰষুণৰ পৰিমাণ কমি যাব।”

উত্তৰাখণ্ডত অহা তিনিদিনলৈ বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা। অৱশ্যে পূব পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু দক্ষিণ ৰাজস্থানৰ ওপৰত বৰষুণ বৃদ্ধি পাব।

Leave A Reply

Your email address will not be published.