Breaking

এদল যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাইছে এখন বনাঞ্চল

0 34

জোনাইত কেইজনমান যু্ৱকৰ এক ব্যক্তিক্ৰমি প্ৰচেষ্টা৷এদল যুৱকৰ প্ৰচেষ্টাত এখন বনাঞ্চলে প্ৰাণ পাইছে ন ৰূপত৷ যি সময়ত বনাঞ্চল ধ্বংসত এচামে হাত উজান দিছে তেনে সময়তে জোনাইৰ এদল যুৱকে গ্ৰহণ কৰিছে ব্যক্তিক্ৰম পদক্ষেপ৷জোনাইৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা “টিম জ’নাই”ৰ সদস্য সকলে ধেমাজি জিলাৰ একমাত্ৰ বনাঞ্চল “পবা”ৰ প্ৰতি  পৰ্যটনক আৰ্কষিত কৰিবলৈ হাতে হাতে ৰঙৰ ব্ৰাছ লৈ গছত সানিলে ৰং৷


জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সকলোতকৈ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান হল তিলিমাইল ঘাট৷ জৈৱ বৈচিত্ৰ্যৰ অপূৰন্ত ভৰাঁল পৱা উত্তৰ পূৰ্বৰ অন্যতম বৰ্ষাৰণ্য সমূহৰ ভিতৰতে অন্যতম৷ চিয়াং নদীৰ দাতিত অৱস্থিত পবাৰ এই তিনামাইল ঘাটত অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নৰ উপৰি বহু গৱেষক শিক্ষাৰ্থীৰ গৱেষণাৰ থলীৰ লগতে পিকনিকৰ বাবে এক উপযুক্ত স্থান৷ বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল ঘাটত পৰ্যটনৰ উপস্থিতি দেখা যায়৷ চিৰ সেউজীয়া পবা বনাঞ্চলৰ লগতে কাষতে থকা চিয়াংৰ নৈসৰ্গিক সৌন্দৰ্য্য লগতে বিভিন্ন পৰিভ্ৰমী চৰাই  চাবলৈ বছৰত ভিৰ কৰে বহু পৰ্যটকে৷ এই স্থানতে পৰ্যটন আৰু অধিক আৰ্কষণ কৰিবলৈ নদীৰ দাতি কাষৰীয়া গছসমূহত হাতে হাতে ৰঙৰ ব্ৰাছ লৈ ৰং কৰে টিম জ’নাইৰ সদস্য সকলে৷

সোমবাৰৰ পৰা  যুৱক সকলে গছসমূহ ৰং কৰি সৌন্দৰ্য্য কৰাৰ লগতে তিনিমাইলৰ চিয়াঙৰ কাষতে I LOVE POBA  বুলি এখন বৰ্ডৰ স্থাপন কৰে৷স্বেচ্ছাসেৱী সংগঠনটোৱে স্থাপন কৰা এই ফলক যোৱা বৃহস্পতি বাৰে উদ্ধোধন কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জোনাইৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে৷ স্বেচ্ছাসেৱী সংস্থাৰ এই পদক্ষেপক শলাগ লৈছে বিষয়াজনে৷ ইয়াৰ উপৰিও অতিৰিক্ত উপায়ুক্ত জনে ৰোপন কৰে এজোপা বিৰল প্ৰজাতিৰ অৰ্কিড৷ এই উদ্ধোধনী অনুষ্ঠানত জোনাই আঞ্চলিক বনবিষয়া মুকুট ৰাভা আৰু মিচিং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাংৰ লগতে কেবাজনো প্ৰকৃতি প্ৰেমী ব্যক্তি৷

Leave A Reply

Your email address will not be published.