Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Date:

দৈনন্দিন বাৰ্তা, মোৰাঝাৰ, ২১ ছেপ্তেম্বৰঃ(Fake Bank YBL) চুমি বিশালৰ পাছত হোজাইৰ মোৰাঝাৰত পোহৰলৈ আহিছে ফৰিজ আৰু নুৰুনৰ কলা অধ্যায় ৷ এক লাখ কোটিৰ প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰিছে দুই মহাপ্ৰবন্ধক৷ ফৰিজ উদ্দিন নামৰ লোকজনে হোজাই জিলাৰ মোৰাঝাৰৰ গনিপুৰত আজিৰ পৰা ছয় মাহ মান পূৰ্বে YBL নামৰ এটি বেংক খুলিছিল৷ এই বেংকৰে এটি শাখা (Morajhar) মোৰাঝাৰৰ চামৰালিতো খুলি দিছিল৷ গনিপুৰত বেংকটোৰ মুখ্য কাৰ্য্যালয় চলাইছিল ফৰিজ উদ্দিনে তাৰ বিপৰীতে নুৰুন নেহাৰ নামৰ মহিলা গৰাকীয়ে চলাইছিল মোৰাঝাৰৰ চামৰআলী গাঁৱত থকা বেংকৰ শাখা৷ দুয়ো মিলি গাঁৱত শাখা পাতি হোজাইৰ ৰাইজক বিভিন্ন প্ৰলোভন দি সংগ্ৰহ কৰিছিল লাখ লাখ টকা ৷ সাধাৰন ৰাইজক (bank) বেংকৰ পৰা লাখ লাখ টকা ঋণ দিয়া কথা কৈ দুয়ো আন সহযোগীৰ জৰিয়তে লাখ লাখ সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে ৷

(hojai)হোজাই ৰাইজক পতিয়ন নিয়াবলৈ প্ৰৱঞ্চক ৰূপী ফৰিজে এক্সিচ বেংকত তেওঁলোকৰ YBL বেংকে এক লাখ কোটি টকাৰ এখন ভূৱা প্ৰমান পত্ৰওঁ আৰি থৈছিল ভূৱা বেংকৰ শাখাত৷ গ্ৰাহক ৰূপী ৰাইজে কোনোবাই যদি পঞ্চাছ হাজাৰ টকা জমা থৈছে আন কোনোবাই আকৌ সত্তৰ ৰ পৰা আশী হাজাৰ টকা জমা থৈছে ৷ একাউন্ট খুলি টকা জমা দিয়াৰ পাছত বহুতৰ নামত ঋণ আৱন্তন দিয়াওঁ হৈছিল আবন্তন হোৱা ঋণৰ ধন একাউন্টত সোমোৱা বুলি মেচেজ পাই যদিওঁ সেই টকা ওলিয়াবলৈ অপৰাগ হয় গ্ৰাহকে৷ উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে কাষ চাপে মোৰাঝাৰ আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী অধীক্ষকৰ৷
মোৰাঝাৰৰ চৌধুৰীবজাৰৰ ফৈচলুৰ ৰহমান নামৰ লোকজনে দিয়া এজাহাৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি ভূৱা বেংক দুটাৰ বিৰুদ্ধে অভিযান চলায়৷মোৰাঝাৰ আৰক্ষীৰ অভিযানত মূল নায়ক ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক নথিপত্ৰওঁ জব্দ কৰা হয়৷ এক লাখ কোটী টকা এক্সিচ বেংকত জমা থকাৰো তথ্য পাইছে আৰক্ষীয়ে ৷ অৱশ্যে এই নথি ভূৱা হব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে
কালি নিশাৰে পৰা হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই মোৰাঝাৰ আৰক্ষী থানাত বাহৰ পাতি সমগ্ৰ বিষয়টো তদাৰকি কৰি আছে৷ ইফালে দুয়ো প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ বহু সংখ্যক লোকে ভিৰ কৰেহি মোৰাঝাৰ আৰক্ষী থানাত৷সকলোৰে একে দাবী নিজৰ কষ্টোপাৰ্জিত ধন খিনি ওভতাই দিব লাগে৷ এতিয়া আৰু ৰৌ বৰালি জালত পৰাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে৷

rupees, hojai, two, bank, lakhs, morajhar, after, fariz, general, lakh

Popular

More like this
Related

FIR against BJP presidentবিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

(APCC) on Friday lodged an FIR against Assam BJP president প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে।

Arvind Kejriwal: কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে

আপ নেতা গোপাল ৰায়ৰ মণ্ডল প্ৰভাৰীসকলক সম্বোধন।কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে।(Arvind Kejriwal)

Alia bhatt: এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ ৰোগত আক্ৰান্ত আলিয়া ভাট!

‘জিগ্ৰা’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰী আলিয়া ভাট। ইফালে আলিয়া ভাট 'এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ'ত ভুগিছে!(alia bhatt)

Assam Heat Wave: গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিনকেইটাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ আহ্বান

উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দিন কেইটাত তাপমান অধিক বঢ়াৰ আশংকা কৰা হৈছে৷ সৰ্বাধিক ৪২ ডিগ্ৰী পৰ্য্যন্ত সূৰ্যৰ উত্তাপে দহিব অসমক৷