Breaking

এগৰাকী ঘাটমাউৰা কিশোৰীক উপৰ্যপুৰী ধৰ্ষণ দুই সন্তানৰ পিতৃ

0 1,159

বিহালীৰ বৰগাঙত ধৰ্ষণ কাণ্ড; অঞ্চলটোত  চাঞ্চল্য । এগৰাকী ঘাটমাউৰা কিশোৰীক উপৰ্যপুৰী ধৰ্ষণ দুই সন্তানৰ পিতৃ কৰণ তামাং নামৰ পাষণ্ডৰ কঠোৰতম শাস্তিৰ দাবী অঞ্চলবাসীৰ ।


ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড৷ এগৰাকী ঘাট মাউৰা ১৫ বছৰীয়া কিশোৰীক দুই সন্তানৰ পিতৃ কৰণ তামাং নামৰ লম্পট এটাই বলপূৰ্বক ধৰ্ষণ কৰে৷ এইবাৰ ঘটনাৰ স্থান বিহালীৰ বৰগাঙৰ ৰামপুৰ৷ 
তথ্যমতে, মঙ্গলবাৰে নিশা বৰগাং আৰক্ষী চকীৰ  অন্তৰ্গত ৰামপুৰ গাঁৱত নিশাৰ ভাগত এগৰাকী ১৫ বছৰীয়া ঘাটমাউৰা কিশোৰী অকলে শুই থকা অৱস্থাত কোঠাৰ খিৰিকী ভাঙি একেগাঁৱৰে দুই সন্তানৰ পিতৃ  লম্পট কৰণ তামাঙে  সংঘটিত কৰে এই কু-কাণ্ড৷


 উল্লেখযোগ্য যে পিতৃ মাতৃ বিহীন ঘাট মাউৰা কিশোৰী গৰাকী নিজৰ খুৰাক খুৰীয়েকৰ ঘৰতে থাকিছিল। এই সুযোগ লৈয়ে তাই  সুকিয়াকৈ থকা কোঠাটোত সংঘটিত কৰে  কৰণ তামাং নামৰ কু চৰিত্ৰৰ লম্পটটোৱে । ৷ ইতিমধ্যে বৰগাং আৰক্ষীয়ে পাষণ্ডটোক আটক কৰি বিহালী থানাৰ কেছ নং 34/2022 নংত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 457/376 IPC ৰ POCSO আইনত জেল হাজোতলৈ প্ৰেৰণ কৰে  ৷ইফালে ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে লম্পট কৰণ তামাঙক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে।

Leave A Reply

Your email address will not be published.