বিদ্যুৎৰ অভাৱত অচল এটি চৰকাৰী কাৰ্যালয়।

বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়, বৰক্ষেত্ৰীত বিদ্যুতৰ অভাৱত কাম -কাজ স্থবিৰ। আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ লেখীয়া হৈছে এটি বিয়াগোম চৰকাৰী কাৰ্যালয়। উল্লেখ্য যে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী খণ্ড সমল কেন্দ্ৰ ,মুকালমুৱাত বিদ্যুৎৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে প্ৰায় স্থবিৰ হৈ পৰিছে কাৰ্যালয়টিৰ কাম- কাজ।

উল্লেখ্য যে প্ৰায় ৭ লাখ বিল হোৱা বাবে বিদ্যুৎ বিভাগে কৰ্তন কৰিছিলএই চৰকাৰী কাৰ্যালয়টিৰ বিদ্যুৎ সংযোগ। ফলত বিদ্যুতৰ অভাৱত আৰু উৎকট গৰমত কৰ্মচাৰীসকলে কাম কৰিব নোৱাৰা হৈ পৰিছে।ফলস্বৰূপে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল আহি উভতি যাবলগীয়া হৈছে। নতুবা অন্য ব্যৱসায়ীক প্ৰতিষ্ঠানত ফটোকপি বা অন্য কাম কাজসমূহ কৰিবলগাত পৰিছে। পিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্য্যালয়টিৰ বিদ্যুতৰ অভাৱ কেনেদৰে ক্ষীপ্ৰতাৰে পূৰণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles