উন্মোচন হ’ল এখনি তিৱা ভাষাৰ ব্যাকৰণ

পশ্চিম কাৰ্বি আংলং জিলাৰ চিকদামাখা ইণ্ডোৰ  ষ্টেডিয়ামত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ।

ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড০ ভাৰ্জিনিয়া দাউচন ৰ দ্বাৰা ৰচনা কৰি উলিওৱা Introduction to Tiwa Grammar শীৰ্ষক grammar খন উন্মোচন কৰে তিৱা মথনলাই তখ্ৰাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈয়ে।

তিৱা মথনলাই তখ্ৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মচলাই, তিৱা মাথনলাই তখ্ৰাৰ উপ সভপতি দ্বয় শৰৎ চন্দ্ৰ পাতৰ আৰু যোগেশ্বৰ বৰদলৈ, প্ৰাক্তন সভপতি মহেশ্বৰ পাতৰ, প্ৰাক্তন সভপতি ললচিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি, সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰৰ লগতে জিলা সমিতিৰ বিষয় ববিয়াসকল।

তখ্ৰা কেন্দ্ৰীয় সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয় ববীয়া সকল উপস্থিত থাকি অনুষ্ঠানৰ শলাগ লয়।

Grammar খনৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ড০ ভাৰ্জিনিয়া দাওচে সকলো তিৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্যাকৰণ খন প্ৰকাশ কৰি দিয়াৰ বাবে তিৱা মাথনলাই তখ্ৰাক আন্তৰিক ধন্যবাদ জনাই।

Grammar খন প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য তিনিগৰাকী লেখকে ড o দাওচেক সহায় কৰে। উন্মোচনী অনু্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্য্যবাহী সদস্য ডী উফিঙ মচলাইয়ে উক্ত ব্যাকৰণ খন তিৱা ভাষা সাহিত্য বিকাশৰ বাবে ডাঙৰ অৱদান বুলি উল্লেখ কৰে।

Related Articles