Breaking

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন ! ৰীণা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন…

0 19

প্ৰেছ ক্লাবত মনোজ্ঞ অনুষ্ঠান সম্পন্ন
ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন

যোৱা ১৭ আগষ্ট শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত জাঁজীৰ সন্তান কবি, লেখক, সাহিত্যিক ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ জন্মদিনৰ বিশেষ দিনটোত অভিনন্দন গ্ৰন্থ ‘ৰবিজিতা’ৰ শুভ উন্মোচন জাকজমকতাৰে অনুষ্ঠিত হৈ যায়। মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত ‘ৰবিজিতা’ৰ শুভ উন্মোচন কৰে গায়ক, সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰীদেৱে। সুধাকন্ঠৰ এটি গীত গাই হাস্যৰসিক কথাৰে শ্ৰোতা-দৰ্শকৰ মন জয় কৰা চৌধুৰীদেৱে কয় যে- “দেশ সেৱাৰ বহু পথ আছে। ভাষা-সাহিত‌্য-সংস্কৃতিৰ সাধনা কৰাটো হৈছে সকলোতকৈ উত্তম পথ, ৰীনা বুঢ়াগোহাঁই বৰুৱা এগৰাকী সৰ্বগুণসম্পন্ন সমাজহিতৈষী বিদূষী নাৰী৷”


অনুভৱী লেখিকা, অনাতাঁৰ শিল্পী শিখামণি দত্তৰ সুললিত কন্ঠেৰে নিগৰা আৰম্ভণি গীতৰ পাছতে আদৰণি লিখিত আৱেগিক ভাষণ পাঠ কৰে সভাৰ মধ্যমণি ৰীনা বুঢ়াগোহাঁই বৰুৱাই। কবি, লেখক, ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰ আসনৰ পৰাই কবি, সাহিত্যিক, কথাশিল্পী ড° নন্দ সিং বৰকলাদেৱে এক মননশীল ভাষণত কয় যে- “ৰ’দৰ উখল-মাখল মুখবোৰ যেনিয়ে-তেনিয়ে পোহৰৰ সমষ্টিয়ে ৰবিজিতাক ব্যপ্ত-প্ৰসাৰিত-শব্দ সম্ভাৰৰ বিপুল চেতনাইদি অন্য এক স্তৰলৈ লৈ যাওক, শিৱসাগৰৰ ঐতিহ্যই

গৰকা ঠাইৰ পৰা উদ্ভাষিত হৈ উঠা ৰীনা বাইদেউৰ জীৱন আজি ধন্য, প্ৰগতি অবিহনে আমাৰ জীৱন স্তব্ধ, জীৱন আৰু জীৱিকা দুইটাই সুকীয়া বস্তু।” শিশু -সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসৰ শুভেচ্ছামূলক বক্তৃতাৰ পিছতেই আবৃত্তিকাৰ নৱ ডেকাই ভূপেন হাজৰিকাৰ ‘টোপনি’ কবিতাটো পাঠ কৰে। ৰমক-জমক অনুষ্ঠানটোত ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ পৰিয়ালবৰ্গ, বৃহত্তৰ উত্তৰ পুৰুষৰ মঞ্চৰ কেইবাজনো সদস্য, ৰীনা বুঢ়াগোহাঁইৰ অনুৰাগী-শুভানুধ্যায়ীৰূপত দৰ্শকে ঠাহ খাই পৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সম্পাদক হৰেকৃষ্ণ হালৈদেৱে।

Leave A Reply

Your email address will not be published.