ধিং প্ৰগতি লাইব্ৰেৰীত এজাক শিশুৱে জীপাল কৰিলে গুৰুজনাৰ সংস্কৃতি

নগাঁও জিলাৰ অতিকৈ প্ৰাচীন তথা ১৯৪৫ চনত স্থাপিত হোৱা প্ৰগতি লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি খোল বাদন, অংকীয়া ভাওনা আৰু সত্ৰীয়া নৃত্য পৰিৱেশনেৰে জীপাল কৰিলে বৃহত্তৰ ধিং অঞ্চলৰ এজাক কণ কণ শিশুৱে।

যোৱা ১৩ জুলাইৰ পৰা ১২দিনীয়াকৈ প্ৰগতি লাইব্ৰেৰী পৰিচালনা সমিতি আৰু ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ যৌথ উদ্যোগত গুৰুজনাৰ অমৰ সৃষ্টি উক্ত বিষয়ৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। চিহ্ন আৰু শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ পৰিচালনাত প্ৰায় ৯০জন শিশুৱে অংশগ্ৰহণ কৰা কৰ্মশালাখনিৰ কলা-কুশলীৰ দ্বাৰা ১ আগষ্টত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে উদ্যোক্তা সকলে।

প্ৰগতি লাইব্ৰেৰী পৰিচালনা সমিতিৰ সম্পাদক মৃগাংক বৰাই আঁতধৰা উক্ত সাংস্কৃতিক অনুষ্ঠানক বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধিং পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ পিংকী শইকীয়াই।

বৃহত্তৰ ধিং অঞ্চলৰ সাংস্কৃতিকবান ৰাইজ, ধিঙৰ জনজীৱনৰ বিশিষ্ট ব্যক্তি, প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱকৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠানটিত কৰ্মশালাৰ প্ৰশিক্ষক মৃদু মৌচম বৰা, নৱজ্যোতি বৰা, শান্তনু প্ৰতিম শইকীয়া আৰু সহযোগী প্ৰশিক্ষক কৰিণা কলিতাক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে, প্ৰশিক্ষণ প্ৰাপ্ত শিশুসকলে নিশা পৰিৱেশন কৰা খোল বাদন, অংকীয়া নাট ৰাম-বিজয় ভাওনা আৰু সত্ৰীয়া নৃত্যই সকলো সাংস্কৃতিকপ্ৰেমী ৰাইজক মোহিত কৰে । আনহাতে প্ৰায় ৩৫বছৰৰ পাছত প্ৰগতি লাইব্ৰেৰী শিশুৰ দ্বাৰা পুনৰ সজীৱ হৈ উঠাত লাইব্ৰেৰী পৰিচালনা সমিতিক ধন্যবাদ জনাইছে ধিংবাসীয়ে ।

Related Articles