Breaking

এদল যুৱক, দৌৰিছে; দিনে নিশাই দৌৰিছে! এটা চাকৰিৰ বাবে…

0 27

দৌৰিছে, এদল যুৱক দৌৰিছে; দেশ মাতৃক সেৱা কৰিবলৈ দৌৰিছে! দিনে নিশাই দৌৰিছে, এটা চাকৰিৰ বাবেই দৌৰিছে আৰু দৌৰিছে।অসম আৰক্ষীত এটা চাকৰি পোৱাৰ আশাৰে দিনে নিশাই ৰত্নপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুশীলনত ব্যস্ত হৈ পৰিছে চাপৰৰ এদল যুৱক। অসম আৰক্ষীত সহস্ৰাধিক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে যুৱক সকলক।

নিজৰ স্থান সুনিশ্চিত কৰিবলৈ এইদৰেই কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এইসকল যুৱক। ৰ’দ-বৰষুণ সকলো পাহৰি দৈনিক প্ৰায় ১০০ গৰাকীকৈ যুৱক-যুৱতীয়ে অনুশীলনত ব্যস্ত হৈ পৰে। কোনো ধৰণৰ প্ৰশিক্ষক নোহোৱাকৈ এনেকৈয়ে যুৱকসকলে কঠোৰ পৰিশ্ৰম কৰি আছে খেলপথাৰত উল্লেখ যে এইখন খেলপথাৰৰ পৰা পূৰ্বে বহু যুৱক-যুৱতীয়ে অনুশীলন কৰি দেশ মাতৃৰ হৈ সেৱা আগবঢ়াই আছে।

Leave A Reply

Your email address will not be published.