মুন ৰাজবংশী, নলবাৰী
এই সুন্দৰ আৰু বিচিত্র পৃথিৱীৰ এটা কোণৰ এখন সৰু গাঁওত বাস কৰা সুখ, আনন্দ, ধন সম্পত্তিৰে ভৰি পৰা চলিহাৰ পৰিয়ালটো। দিনটোৰ বেছিভাগ সময় ঘৰখনৰ বাবে টকা উপাৰ্জন কৰাতেই ব্যস্ত তেওঁ। দেৱব্ৰত চলিহাৰ ঘৰখনত কি নাই বুলি ভাবে আপুনি? আপুনি, মই, তেওঁ নেদেখা নোখোৱা বস্তুবোৰ এই চলিহাৰ পৰিয়ালটোত অতি সহজেই আপুনি বিচাৰি পাব। আপুনি হয়তো খাবলৈ নোপোৱা কিছুমান তেনেই সাধাৰণ বস্তুবোৰ খাবলৈ পোৱা যায়। আপোনাৰ, মোৰ ঘৰত নথকা, নেদেখা এনে কিছু বয় বস্তু তেওঁৰ ঘৰত দেখিবলৈ পাব। পাৰ্থক্য মাত্ৰ এটাই, সেয়া হৈছে, তেওঁ অলপতে সন্তুষ্ট হয় আৰু আমিবোৰে পোৱাৰ পাছতো সেইটোক বাৰে বাৰে পাবলৈ ইচ্ছা কৰোঁ। দেৱব্ৰত চলিহাৰ পৰিয়াল বুলিবলৈ ঘৰখনত মাত্র চাৰিজন সদস্যৰে পৰিপূৰ্ণ। দেৱব্ৰত চলিহা তেওঁৰ পত্নী সন্ধ্যা চলিহা, আৰু তেওঁলোকৰ দুটি সন্তান নিশান্ত পুত্র আৰু কন্যা পুৱতি । চলিহাৰ পৰিয়ালটো আছিল গাঁওখনৰ সকলোৰে প্ৰিয়। তাতোকৈ বেছি প্ৰিয় আছিল, চলিহাৰ পৰিয়ালৰ সন্তান দুটি নিশান্ত আৰু পুৱতি। কাৰণ নিশান্ত আৰু পুৱতিয়ে গাঁৱৰ সকলোৰে লগত মিলিজুলি থাকিছিল। ডাঙৰক সেৱা কৰি শ্ৰদ্ধা জনাইছিল আৰু সৰুক মৰমেৰে আঁকোৱালি লৈছিল। নিশান্ত আছিল ৰাতিৰ আকাশৰ শান্ত সমাহিত শীতল পূৰ্ণ জোনাকৰ জোনটোৰ দৰে আৰু পুৱতি আছিল পুৱাৰ উজ্জ্বল ৰঙা বেলিটোৰ দৰে ।
পুত্ৰ নিশান্ত আৰু পুৱতিয়ে নিজৰ পঢ়া শুনাৰ লগতে স্কুল কলেজৰ পৰা আহি ঘৰখনক উন্নতিৰ পথত আগবঢ়াই নিবলৈ সিহঁত দুটাই মাক বাপেকক যঠেষ্ট সহায় কৰি দিয়ে। দিন বাগৰি যোৱাৰ লগে লগে চলিহাৰ ব্যৱসায়তো লোকচান হ’বলৈ ধৰিলে। ব্যৱসায়টোক লৈ চলিহাৰ চিন্তা বৰ লাগিল! তেওঁ ভাবিবলৈ ধৰিলে! যদি এনেকৈ আৰু এসপ্তাহ ব্যৱসায়ত লোকচান খাব লাগে, তেতিয়াহ’লে তেওঁৰ বৰ বিপদ হ’ব। কিন্তু তেওঁ হঠাৎ এতিয়া এনে কি কৰিব পাৰে, য’ত আগৰ দৰে টকা উপাৰ্জন কৰিব পাৰিব… কথাটো চিন্তা কৰি কৰিয়েই তেওঁ ঘৰ পালেগৈ। ঘৰ পায় চলিহাই বাহিৰতে তেওঁৰ পত্নী সন্ধ্যাই আগতীয়াকৈ পানীৰ বাল্টিটোত ভৰাই থোৱা পানীৰে হাত ভৰি ধুই ঘৰৰ ভিতৰত সোমাই গৈ কোঠাটোৰ বিছনাখনত বহি ল’লে। কাষত তেওঁৰ পত্নীয়ে তেওঁক জিৰণি ল’বলৈ দি নিজে বিচনীৰে বিছি থাকিল। ভাগৰুৱা দেহা আৰু চিন্তাত মগ্ন হৈ থকা মুখখনলৈ চাই পত্নী সন্ধ্যাই সুধিলে __” কি হৈছে, আজি দেখো আপুনি একেবাৰে মন মাৰি আছে কথাতোনো কি…?
তেওঁৰ পত্নী সন্ধ্যাক এইখন ঘৰলৈ বিয়া কৰাই আনিবৰ দিন ধৰি আজিলৈ কোনো কথাই তেওঁ তেওঁক লুকুৱা নাই? তেওঁৰ মনৰ সকলো কথায় পত্নীৰ আগত শ্বেয়াৰ কৰি গৈছে; ভাল বেয়া, সুখ,দুখ সকলোবোৰ! কিন্তু, আজি ইমান দিনে লোকচান হৈ অহা ব্যৱসায়টোৰ কথা বাৰু কেনেকৈ নোকোৱাকৈ থাকে? চলিহাই মনত শক্তি যোগাই লৈ পত্নী সন্ধ্যাক সকলো কথা ভাঙি পাতি ক’লে, সন্ধ্যাই গিৰিয়েকৰ মনৰ অৱস্থা বুজিব পাৰি তেওঁ এটা বুদ্ধি দিলে,আৰু ক’লে…! শুনা! আমি যদি আমাৰ এই তিনিআলিৰ মুৰত এখন সৰু অথচ গেলামালৰ দোকানৰ লগতে তাৰ কাষতে মই গধুলি হ’লে তিনিআলিৰ মুৰত আড্ডা দিয়া লোকসকলৰ বাবে চাহ পকৰী বনাই দিওঁ তেতিয়া কেনে হ’ব বাৰু… ; আজিকালি মানুহে ঘৰৰ কাষতে কিছুমান বস্তু পালে টাউনলৈ আনিব নাযায়। গতিকে মই কোৱা কামতো যদি আপুনি সন্মতি দিয়ে, তেতিয়াহ’লে আমি অতি সোণকালে সফল হ’ব পাৰিম। পত্নীয়ে দিয়া দিহাটোক চলিহাই চিন্তা কৰি চোৱাত কথাটো বেয়া নহয় বুলি ক’লে হয়, কিন্তু তেওঁযে তেওঁৰ নিজৰ পত্নীয়ে বজাৰত গৈ চাহ বিক্রি কৰাটো পচন্দ নৰৰিলে। তেতিয়া সন্ধ্যাই মাত লগালে। শুনা! আজি যদি আপোনাৰ বিপদত মই সহযোগিতা নকৰোঁ তেতিয়া মই নিজেই কষ্ট পাম। কাৰণ আপুনি এটা কথা ভাবি চাইছেনে; আমি আমাৰ সন্তান দুটাক ভাল মানুহ কৰিবলৈ হ’লে দুয়োৰে সহযোগ লাগিব। কথাষাৰ কৈ সন্ধ্যাই পাকঘৰলৈ গৈ সুন্দৰ ৰঙা চাহ একাপ গিৰিয়েকৰ হাতত তুলি দি খোৱাৰ বাবে যোগাৰ কৰাত লাগিল। সিফালে তেওঁলোকৰ পুত্র নিশান্তই প্লাষ্টিকৰ এনে কিছু জীৱ জন্তু আদিৰ লগতে ঘৰ এখনৰ ড্ৰয়িং ৰুমত সজাবলৈ বস্তু তৈয়াৰ কৰি উলিয়াইছিল সেই বস্তুবোৰ নিশান্তই কলেজত যোৱাৰ সময়ত বেগত ভৰাই লৈ বজাৰত মেলি দিছিল। নিশান্তৰ নিপুন হাতৰ কৌশলত তৈয়াৰ হোৱা সকলোবোৰ বস্তু মানুহে পচন্দ কৰিছিল আৰু তাৰ পৰা কিনি নিছিল। লগতে নিশান্তৰ ভনীয়েক পুৱতিয়েও সৰু সৰু প্লাষ্টিকৰ বটলত নানা বিধৰ ৰং বিৰঙৰ ফুল লগাই সেইবোৰ তেওঁৰ নিজৰ কলেজৰ বন্ধু বান্ধৱীৰ লগতে কলেজৰ শিক্ষক সকলৰ ওচৰত কম বেছি পৰিমাণে বিক্রি কৰি যিকেইটা টকা পায়, সেইখিনি টকা মাক দেউতাকৰ হাতত তুলি দিয়ে। চলিহা আৰু তেওঁৰ পত্নী সন্ধ্যাই তেওঁলোকৰ পুত্র কন্যাৰ পঢ়া শুনাৰ লগতে সুন্দৰ সুন্দৰ বুদ্ধি মত্তাৰে কৰি যোৱা কামবোৰত সুখ পোৱাৰ উপৰিও গৌৰৱবোধ কৰিছিল। লাহে লাহে চলিহাৰ পৰিয়ালটো সুখ আনন্দৰে উপচি পৰিল। চলিহাৰ পৰিয়ালটো সেই সৰু গাঁওখনৰ লোকসকলৰ প্ৰিয়ভাজন।