লাহৰীঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।গেছ চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল কেৱল পানী আৰু পানী।লাহৰীঘাটৰ শান্তি ইন্ধন চাৰ্ভিচ নামৰ গেছ এজেঞ্চিৰ আজব কাণ্ড।চিলিণ্ডাৰৰ ভিতৰত গেছৰ পৰিবৰ্তে কেৱল পানী আৰু পানী।এক দুই লিটাৰ নহয় প্ৰায় ২৫ লিটাৰ পানী ওলাল চিলিণ্ডাৰৰ পৰা।এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ লাহৰীঘাটত বজাৰস্হিত শান্তি ইন্ধন গেছ এজেঞ্চিত।উল্লেখ্য যে লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰবৰি গাৱঁৰ ইকৰামুল ইছলাম নামৰ এজন ব্যক্তিয়ে চিলিণ্ডাৰ ক্ৰয় কৰি ঘৰলৈ নিবলৈ লওতে ওলাই পৰিল জুলুঙাৰ মেকুৰী । ১০২০ টকাৰে ক্ৰয় কৰা চিলিণ্ডাৰৰ পৰা গেছৰ পৰিবৰ্তে ওলাল কেৱল পানী আৰু পানী । শান্তি ইন্ধন চাৰ্ভিচ নামৰ গেছ এজেঞ্চীৰ পৰা এই গেছ চিলিণ্ডাৰটো ক্ৰয় কৰিছিল এইজন যুৱকে ।
এই ঘটনাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । লক্ষণীয় বিষয় , যি সময়ত মূল্যবৃদ্ধি এক মহামাৰী হিচাপে পৰিগণিত হৈছে ঠিক সেই সময়তে একাংশ ৰাইজক মাধমাৰ সুধাইছে লাহৰীঘাটৰ শান্তি গেছ এজেঞ্চিৰ স্বত্বাধীকাৰীয়ে। এনে ধৰণৰ বহুতো দুৰ্নীতি সংগঠিত কৰাৰ অভিযোগ আছে লাহৰীঘাটৰ শান্তি গেছ এজেঞ্চিৰ বিৰুদ্ধে।