Breaking

শিৱসাগৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

0 31

বুধবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।। জিলাখনৰ দৰিকাপাৰৰ অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ২ জন যুৱকৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন। দুৰ্ঘটনাৰ পাছতেই ৪ জন যুৱক আহত হৈছিল যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰশমনি মেছ(২০) আৰু ৰাহুল চাংমাই (২৫) নামৰ যুৱজ দুজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আনহাতে দৰ্পন বৰগোঁহাই(২৪),বিশ্বজিৎ নাথ(২৯)ৰ চিকিৎসা চলি আছে।

জানিব পৰা মতে AS 23 N 2254 নম্বৰৰ চাৰিচকীয়া বাহনখনে মহতিয়াই নিয়ে পৰাশমণি মেচ আৰু ৰাহুলক। ভুল দিশেৰে গৈ যুৱক দুজনক খুন্দা মাৰে বাহনখনে। ঘটনাৰ সময়ত পৰাশমণি আৰু ৰাহুল নামৰ যুৱক দুজন পথৰ কাষত বহি আছিল। তেনে সময়তে তীব্ৰ বেগী বাহনখনে খুন্দা মাৰে দুয়োকে। পৰৱৰ্তী সময়ত পথৰ ডিভাইদাৰত খুন্দা মাৰে বাহনখনে। এই ঘটনাৰ ফলত গাড়ীত বিশ্বজ্যিত আৰু দৰ্পনো আহত হয়।

এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ আগৰ অংশ প্ৰায় ভাঙি যায়। লগে লগে চাৰিওজনে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু তাতেই মৃত্যুক সাৱতি লয় দুই যুৱকে। পথ দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.