Breaking

পানীগাঁও উ:মা: বিদ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ প্ৰচেষ্টাত বাটৰ নাট পৰিবেশন

0 41

অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত তেলাহী মৌজাৰ কেইবাটাও ৰাজহুৱা স্থানত বাটৰ নাট পৰিবেশন কৰা হয়।

তেলাহী মৌজাৰ প্ৰাণকেন্দ্ৰ পানীগাঁও চাৰিআলিত দিনৰ ১১ বজাত ৰাইজৰ মাজত সজাগতা মুলক বাটৰ নাট খন পৰিবেশনেৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়।

বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই পৰিচালনা কৰা বাটৰ নাট খনত অভিনয় কৰে ছাত্ৰ ছাত্ৰী ক্ৰমে বিতু দত্ত, ধ্ৰুৱজ্যোতি পাঠক, প্ৰহ্লাদ মেধি, ভৃগু কুমাৰ হাজৰিকা, ভূমিকা হাজৰিকা, কংকনা শৰ্মা আৰু দিশানী শৰ্মাই।

অনুষ্ঠানটোত বিদ্যালয়ৰ অধ্যক্ষা জিনা ভূঞাৰ লগতে জল জীৱন মিছনৰ জিলা পৰামৰ্শদাতা ছত্ৰ প্ৰসাদ পাথৰি উপস্থিত থাকি চৰকাৰৰ সুন্দৰ চিন্তাৰ ফচল জল জীৱন মিছনক আদৰি ল’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.