Breaking

হোজাই চহৰত দুই ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীক আদৰি লৈ অহা হ’ল বৃহৎ সমৰ্থকৰ দলে

0 2,057

হোজাই চহৰত বৃস্পতিবাৰে এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰে। হোজাই চহৰত দুই ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থীক আদৰি লৈ আনিবলৈ বৃহৎ সংখ্যক দলীয় নেতা-কৰ্মী সকলে ভিৰ কৰে চহৰত। বি জে পি দলৰ কৰ্মী সকলে নিজৰ প্ৰাৰ্থী জনক নিলবাগানৰ পৰা হোজাইলৈ প্ৰায় ৭ কি: মি: যোৰা পথ আদৰি আগুৱাই লৈ আহে। ৰেলিত দলৰ প্ৰায় দেৰ সহস্ৰাধীক কৰ্মী সকলে আদৰি লৈ আহে প্ৰাৰ্থী জনক। উল্লেখনীয় যে ৰামকৃষ্ণ ঘোষক গাড়ীত আগুৱাই লৈ আহে বি জে পি হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেৱ, সমষ্টিৰ বাবে টিকটৰ দাবীদাৰ ক্ৰমে দেবাশীষ দত্ত, অৰ্জুন মজুমদাৰ আৰু চতুৰ্থী বিশ্বাসে।ইয়াৰ পৰবৰ্ত্তী কিছু সময়ৰ পিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত সাহাকো (দেবু) প্ৰায় সমকক্ষ কৰ্মীৰ দলে নিলবাগানৰ পৰা আদৰি লৈ আহে চহৰলৈ আৰু চহৰৰ বিভিন্ন স্থানত ৰেলি কৰি ভ্ৰমণ কৰে। বহু উৎকন্ঠাৰ অন্ত পেলাই বুধবাৰে অৰ্থাৎ ১০ মাৰ্চত বি জে পিয়ে হোজাইৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সমষ্টিৰ বাবে বি জে পি দলে শিলাদিত্য দেৱৰ পৰিবৰ্তে ৰাম কৃষ্ণ ঘোষক প্ৰাৰ্থিত্ব প্ৰদান কৰে। ইয়াৰ কেই ঘন্টাৰ পিছত কংগ্ৰেছ দলেও দেৱব্ৰত সাহাৰ নাম ঘোষণা কৰে। শক্তি প্ৰদৰ্শনৰ পাছত কোনে শেষ হাহিঁ মাৰিব বা কাৰ দখলত হ’ব সেয়া জনসাধাৰনে নিৰ্ণয় কৰিব যদিও সম্প্ৰতি চৰ্চিত হৈ পৰিছে হোজাই সমষ্টি।

Leave A Reply

Your email address will not be published.