কামৰূপত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট…  

কামৰূপ জিলাৰ চাংসাৰিত কালি বৃহৎ পৰিমানৰ বিদেশী চিগাৰেট জব্দ কৰে। ভাৰতীয় ডাক বিভাগৰ গাড়ীৰ পৰা জব্দ চিগাৰেট খিনি । কামৰূপ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি মদনপুৰ টোলগেটত  জব্দ কৰে ভাৰতীয় ডাক বিভাগৰ গাড়ী  এখন । গাড়ীখনত পাৰ্চেল হিচাপে মিজোৰামৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰিছিল চিগাৰেট খিনি । কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰূ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত দুটা সজাতী  দলে মদনপুৰ টোল গেটত তালাছী চলাই ডাক বিভাগৰ  HR 55 L 8802 নম্বৰৰ পাৰ্চেল ভেন খন  জব্দ কৰি চাংসাৰি আৰক্ষী থানালৈ লৈ আহে ।

দণ্ডাধীষ আৰু ডাক বিভাগৰ কৰ্মচাৰিৰ উপস্থিতিত গাড়ীখনত তালাছী চলাই জব্দ কৰে বিদেশী চিগাৰেট খিনি । জব্দকৃত চিগাৰেট খিনিৰ মূল্য প্ৰায় ১৬ লাখ টকা । ঘটনা সন্দৰ্ভত গাড়ী খনৰ চালক আৰু সহযোগী চালক জনক আৰক্ষীয়ে আটক কৰে ।

Related Articles