Breaking

সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী ষষ্ঠ মৃত্যু বাৰ্ষিকীৰ স্মৃতিত বক্তৃতানুষ্ঠান…

0 23

সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী  স্মৃতি ৰক্ষা সমিতিৰ সম্পাদিকা তথা প্ৰয়াত গোস্বামী দেৱৰ জেষ্ঠ কন্যা মিতালী গোস্বামী ট্ৰচিনৰ আদৰণী ভাষণ আৰু গোস্বামী দেৱৰ পত্নী লেখিকা দিব্য ৰেখা গোস্বামীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন  সত্ৰীয়া শিল্পী অনন্যা মহন্তৰ দ্বাৰা এক সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়। ইয়াৰ পাছতে সত্ৰাধিকাৰ জনাৰ দ্বাৰা প্ৰভাৱিত হোৱা ৰাছিয়ান শিল্পী ভ্লাডিমিৰ ট্ৰচিনৰ দ্বাৰা অংকিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিত্ৰ এখন সত্ৰাধিকাৰ জনাৰ পবিত্ৰ স্মৃতিত উন্মোচন কৰা হয়।

উল্লেখ্য যে মস্কোৰ শিল্পী ভ্লাদিমি ট্ৰচিনে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰৰ লগতে তেওঁৰ লগত জড়িত বিভিন্ন কাহিনী চিত্ৰ আৰু অংকন কৰিছে। সেই সমূহ ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰাহলয়ত আছে।চিত্ৰ খন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সমাজ সেৱীকা আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীয়ে সত্ৰাধিকাৰ জনাৰ আকৰ্ষনীয় ব্যক্তিত্বৰ কথা সোঁৱৰণ কৰি কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰভাব সৰ্বজনীন বিদিত। তেওঁ চিত্ৰখনৰ ভূয়সী প্ৰশংসা কৰে। ইয়াৰ পাছতে “শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সমাজতত্ব” শীৰ্ষক বিষয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্ত দেৱে বক্তৃতা আগবঢ়ায়। তেওঁ বৈদিক দৰ্শনত শংকৰদেৱৰ দৰ্শন, শংকৰদেৱৰ দৰ্শনত ব্ৰাহ্মণ, পৰমাত্মা, ভগৱানৰ ধাৰণা(কনচেপ্ত) নিগুৰ্ণা আৰু সগুৰ্ণাৰ ধাৰণা আৰু কিদৰে ব্ৰাহ্মণৰ ধাৰণাই প্ৰগতিশীল সমাজৰ আধাৰ হ’ব পাৰে ইত্যাদি বিষয়ত বিশ্লেষণ আগবঢ়ায়।

আন এগৰাকী বিশিষ্ট অতিথী, সত্ৰাধিকাৰ জনাৰ ধৰ্ম পুত্ৰ, লেখক, তথা  অৱসৰ প্ৰাপ্ত আয়কৰ বিষয়া হেমন্ত বিজয় মহন্তই তেওঁৰ ভাষণ প্ৰসংগত কয় যে কেনেদৰে মহাপুৰুষ জনাৰ আদৰ্শ  অনুকৰণ কৰি সুন্দৰ এখন সমাজ ব্যৱস্থা গঢ়ি তুলিব পাৰি এই সন্দৰ্ভত। তেওঁ লগতে সত্ৰাধিকাৰ জনাৰ লগত জড়িত বহু স্মৃতি কথা সোঁৱৰণ কৰে। যুৱ লেখিকা ,সংবাদকৰ্মী পাৰিজাত সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটোত। সত্ৰাধিকাৰ ভদ্ৰ কৃষ্ণ গোস্বামী  স্মৃতি ৰক্ষা সমিতিৰ সহঃ- সম্পাদিকা তথা গোস্বামী দেৱৰ কনিষ্ঠ কন্যা মৃণালী চৌধাৰী, জোঁৱাই তথা সমিতিৰ সদস্য ভিক্টৰ ট্ৰচিন, বিশিষ্ট লেখিকা সত্ৰীয়া শিল্পী তথা সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ ধৰ্ম পুত্ৰী বেবী ভূঞা, গোস্বামী দেৱৰ ভাতৃ লীলা মহন্ত, সমিতিৰ সদস্য আন্দ্ৰে ট্ৰচিন, য়ূৰি ট্ৰচিন ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.