Breaking

বহু তাৰকাই ৭ বজাৰ ভিতৰত ডিনাৰ কৰে! ৰাতি সোনকালে আহাৰ খোৱাৰ আছে বহু উপকাৰ…

0 38

সুস্থ হৈ থাকিবলৈ সময়মতে খাদ্য খোৱা আৰু শোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ৰাতিৰ আহাৰ খোৱা সময়ে, আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুত প্ৰভাৱ পেলায়। বেছিভাগ মানুহেই ৰাতি ৮ বা ৯ বজাৰ পিছতহে খাদ্য খাবলৈ সময় পায়। কিন্তু ৰাতি দেৰিকৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়। আনকি বিৰাট কোহলী, অনুষ্কা শৰ্মা, অক্ষয় কুমাৰৰ দৰে ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়েও ৭ বজাৰ আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে।

ৰাতি সোনকালে আহাৰ গ্ৰহণ কৰাৰ উপায় জানো আহকঃ ৰাতিৰ আহাৰ আৰু শোৱাৰ মাজত ২-৪ ঘণ্টাৰ ব্যৱধান থাকিব লাগে। ইয়াৰ লগে লগে শৰীৰে খাদ্য সম্পূৰ্ণৰূপে হজম কৰিবলৈ সক্ষম হয় আৰু টোপনিৰ মান উন্নত হয়। এনে পৰিস্থিতিত যদি আপুনি ৯ বজাত শুৱে তেন্তে ৭ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰা উচিত। ৰাতি সোনকালে খাদ্য খালে শৰীৰে খাদ্য সঠিকভাৱে হজম কৰিবলৈ যথেষ্ট সময় পায়। পলমকৈ খোৱা খাদ্য হজম কৰিবলৈ শৰীৰে অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গভীৰ নিশা খাদ্য খোৱাৰ ফলত টোপনিৰ মান নষ্ট হ’ব পাৰে। পেট ভৰ্তি হ’লে টোপনি অহাত অসুবিধা হ’ব পাৰে। সন্ধিয়া ৭ বজাৰ আগতে খাদ্য খালে খাদ্য হজম হ’বলৈ পৰ্যাপ্ত সময় পোৱা যায়, যাৰ ফলত টোপনি ভাল হয়।গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ৰাতি সোনকালে খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া সুস্থ হৈ থাকে। ৰাতি সোনকালে আহাৰ খালে আৰু খাদ্য ভালদৰে হজম হ’লে ৰাতিপুৱা অধিক শক্তি অনুভৱ হয়।

Leave A Reply

Your email address will not be published.