Breaking

দুখনকৈ বাঁহৰ দলং থকা এটা মুখ্য পথ

0 1,267

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এনে এক পথ আছে য’ত একেৰাহে দুখনকৈ বাঁহৰ দলং আছে। বিটি আৰ ওদালগুৰি জিলাৰ  ৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দাৰোগাখাট গাঁ‌ৱৰ পৰা কুকুৰাকাটা মহলিয়াপাৰা-ঘাই পথলৈ সংযোগ হোৱা পথছোৱাৰ দুৰৱস্থাই অঞ্চলবাসীক প্ৰতিবছৰে জলা-কলা খোৱাই আহিছে।এখন চাৰিচকীয়া বাহন আনিব নোৱাৰা পথছোৱা পকি কৰণৰ কথা বাদেই  ৰাইজে গাঁ‌থীৰ ধন খৰছ কৰি প্ৰতিবছৰে বাঁহেৰে দলং নিৰ্মাণ কৰি অহা যোৱা কৰিবলগীয়া হয়।অতি দুখৰ বিষয় কোনোদিনেই এখন চাৰিচকীয়া বাহন আনিব নোৱাৰা পথছোৱা বাৰিষা আহিলে পথছোৱা গৰু অনা বাটলৈ পৰিণত হয়।

মডেল বিটিচিৰ শাসক হাগ্ৰামা মহিলাৰী চৰকাৰৰ অধিনত ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত ১৫ বছৰে দখলত থকা বিটিচি কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীৰ দিনত ৰাইজে কেইবাবাৰু পথ পকীকৰণৰ বাবে আবেদন দাখিল কৰিছিল যদিও প্ৰায় পাঁ‌চখনকৈ গাঁ‌ৱৰ মানুহ অহা যোৱা কৰা একমাত্ৰ পথছোৱা পকীকৰণৰ কথা বাদেই দুখনকৈ বাঁ‌হৰ দলং থকাৰ তৎস্বত্তেও পথছোৱা কোনোধৰণে সুচল কৰাৰ ব্যৱস্থা কৰি নিদিলে।যাৰ ফলত অঞ্চলবাসীৰ যাতায়তৰ ব্যৱস্থা যমৰ যাতনাতকৈ কোনো গুনে কম নহয়।সেয়েহে ৰাইজে পুনৰ বাৰ পৰিৱৰ্তনকামী চৰকাৰলৈ পথ সুচল কৰাৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.