Breaking

পুনৰ লাভ জেহাদৰ বলি এগৰাকী নাবালিকা ! ঘটনা সংঘটিত কৰা চাজেল আলীক আটক…

0 16

মঙলদৈত পুনৰ লাভ জেহাদৰ বলি এগৰাকী নাবালিকা।ঘটনা সংঘটিত কৰা চাজেল আলী (২১) ক আটক।

বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলৰ সহযোগত আটক চাজেলক। আটকাধিন চাজেল আলীৰ ঘৰ মঙলদৈ নিকতৱৰ্তী নন কে গা-ধোৱা চাপৰিত। মঙলদৈ ৰামহৰিৰ পৰা এগৰাকী নাবালিকাক ফুচুলাই নি চাজেলে নিজৰ বায়েকৰ ঘৰত এৰাতি ৰখাৰ পিছত অত্যাধিক পেটৰ বিষ হোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই।


চিকিৎসালয়লৈ অহাৰ পিছতে বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে জানিব পাৰি মঙলদৈ আৰক্ষী ৰ সহায়ত নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে চাজেল আলীক আটক কৰে। ইফালে মঙলদৈ আৰক্ষীয়ে হোটেল লজ’ৰ বাহিৰে ভিতৰে বোৱাৰী বিচাৰি চলাধ কৰিছে।


গোৱালপাৰাৰ পৰা এগৰাকী মুছলিম যুৱকে এটি বাৰ বছৰীয়া সন্তানৰ মাতৃক পলুৱাই লৈ মঙলদৈ লৈ অহাৰ খবৰ পায় মঙলদৈ আৰক্ষীৰ সৈতে মিলি বিশ্ব হিন্দু পৰিষদৰ সদস্য সকলে এনেদৰে চহৰ খনৰ প্ৰায় সকলো হোটেল লজ’ত বিচাৰি ফুৰিছে। অৱশ্যে এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.