Breaking

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱৰ এক আলৌকিক ঘটনা ! উৎপল গোস্বামীৰ গৃহত আৱিৰ্ভাৱ হৈছে সোণৰ শিৱলিঙ্গ…

0 100

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱত এঘৰ গৃহত আলৌকিক ঘটনা,, আৱিৰ্ভাৱ হৈছে সোনৰ সৰ্প,সোনৰ শিৱলিঙ্গ,সোনৰ বেলাপাত

পূব যোৰহাটৰ মেলেং কাঠ গাঁৱৰ উৎপল গোস্বামীৰ গৃহত আজি কিছু দিনৰ পৰা এক আলৌকিক ঘটনা ঘটিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উৎপল গোস্বামীৰ অষ্টম শ্ৰেণীত অধ্যয়নত পুত্ৰ উদিপ্ত বিশাল গোস্বামী এদাল বেল্ট নিজৰ গৃহৰ বাৰীৰ বে’ল গছৰ ওপৰত দেখাৰ পিছৰ পৰা ঘৰ খনৰ এজোপা ফুল গছৰ গুৰিত এযোৰ সৰু আকৃতি সোণৰ সৰ্প আৱিৰ্ভাৱ হয়।

তাৰ পিছৰে পৰা ঘৰৰ পিয়ালিত সোণৰ বেলপাত, শংখ খাৰু আদি আৱিৰ্ভাৱ হৈছে বুলি পৰিয়ালৰ লোকে জানিব লৈ দিছে। অন্যহাতে পৰিয়ালৰ প্ৰতিজন লোককে সপোনত দুৰ্গা পূজা নিজৰ গৃহত প্ৰতিষ্ঠা কৰিবলৈ দেখা দিয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰথম অৱস্থাত তেওঁ লোকে মনত ভয়ভাৱ হৈছিল যদিও এগৰাকী সাধ্ক ওচৰত চোৱা চিতা কৰা পিছত এইয়া শিৱৰ আৱিৰ্ভাৱ বুলি ব্যক্ত কৰে।

পৰিয়ালৰ লোকে এতিয়া সোণৰ সৰ্প,শিৱৰ লিংগ,সোণৰ বেলপাত,শংখ খাৰু আদি নিজৰ গৃহত পূজা অৰ্চনাৰে ৰখাৰ লগতে নিজৰ গৃহত দুৰ্গা পূজা পাতিবলৈ প্ৰস্তুতি কৰিছে । এতিয়া প্ৰশ্ন হৈছে আজিৰ বিজ্ঞানৰ যুগত প্ৰকৃততে এইয়া কি, অলৌকিক নে আৱিৰ্ভাৱ নে প্ৰশ্ন উঠিছে বিশ্বাস -অবিশ্বাসৰ বহু প্ৰশ্ন?

Leave A Reply

Your email address will not be published.