আপোনালোকৰ হয়তো বিশ্বাসেই নহব যে গুৱাহাটী মহানগৰীৰ নিচেই কাষতে থকা ডিগাৰুৰ ঘগুৱা অঞ্চলত বছৰ বছৰ যুৰি এনেকুৱা এখন পূজা অনুষ্ঠিত হৈ আহিছে, য’ত পুজাখনৰ তাৰিখটো থিৰাং কৰিবলৈ পূজাখনৰ পুৰোহিত অথবা বিষয়ববীয়া এজনক সপোন দেখুওৱা হয়। অৰ্থাৎ সপোনত দেখুওৱা দিন অনুযায়ী নিৰ্দিষ্ট দিনটোত পূজাভাগ অনুষ্ঠিত কৰা হয়।অবিশ্বাস্য হলেও কথাটো সঁচা আৰু প্ৰথমে মুলতঃ কাৰ্বি জনজাতিৰ মাজত প্ৰচলিত এই পুজাখন পিছলৈ হামিল (বাৰোৱাৰি বা সমিলমিল) পূজা হিচাপে পৰিগণিত হৈ অঞ্চলটোৰ কোঁচ, কেউত, নাথ, দাস, ৰাভা আৰু চাহ জনজাতি সকলক সামৰি লৈ সাম্প্ৰতিক সময়ত অতি উলহ মালহৰে অনুষ্ঠিত কৰা এই পূজাখনৰ নাম হল মাল গোঁসাই পূজা। সাম্প্ৰতিক সময়ত পূজাখনৰ সৈতে জৰিত হৈ আছে কিছুমান অলৌকিক অথচ বাস্তবধৰ্মী ৰীতি নীতি।
ইয়াৰ ভিতৰত বিশেষকৈ প্ৰথমেই উল্লেখ কৰাৰ দৰে দিন বাৰ ঠিৰাং কৰা আৰু পূজাৰ বাবে প্ৰয়োজনীয় দুডাল পোন বাঁহ সংগ্ৰহ কৰাৰ বাবে গাওঁখনৰ ব্যক্তি এজনক মাল গোঁসাই ডাঙৰীয়াই সপোন দেখুওৱা কাৰ্য অন্যতম। অন্যহাতে পুজাভাগ আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় অন্যতম এক প্ৰধান সামগ্ৰী, ‘ক’লডিল’টোও হব লাগে এক বিশেষ জোখৰ, যাক বিচাৰি অনাটোও সহজ সাধ্য নহয় আৰু সেই সময়ত এই কলডিলটোও গাঁৱৰ বিশেষ এঘৰত এই পূজাৰ বাবেই ফুলি উঠে বুলি গণ্য কৰা হয় আৰু তেনেদৰেই সংগ্ৰহ কৰা হয়। পূজাখনৰ আন এক বিশেষ বৈশিষ্ট হল যে দুডাল বাঁহেৰে এখন সাঙি বনাই সেই সাঙিত কেতবোৰ নীতি নিয়ম মানি মাল গোঁসাইৰ এখন আসন স্থাপন কৰি চাৰিজন ব্যক্তি বা যুৱকে গাঁৱে গাঁৱে, মন্দিৰে মন্দিৰে ঘূৰাই লৈ ফুৰে আৰু সেই সময়ত সেই যুৱক বা ব্যক্তি কেইজনৰ গাঁত বিশেষ শক্তিৰ প্ৰাদুৰ্ভাৱ ঘটে । ব্যক্তিকেইজনে নিজে কব নোৱাৰাকৈয়ে সাঙিখন বোকা, পানী, বিল, পুখুৰী, পাহাৰ, ভৈয়াম, ওখ, চাপৰ, দ – বাম একো নামানি যেনি তেনি গতি কৰে আৰু একো কব নোৱাৰাকৈয়ে গাৰিৰ চকাৰ দৰে কেৱল আগবাঢ়ি যায়। দুপৰীয়াৰ পৰা মাজ ৰাতিলৈ অনুষ্ঠিত গোঁসাই ফুৰোৱা এই পৰম্পৰাৰ বাবে বাৰোৱাৰী বা হামিল সমাজৰ পৰা কোঁচ, কাৰ্বি আৰু আন সম্প্ৰদায়ৰ চাৰিজন চাৰিজনকৈ মুঠ ১২ জন ব্যক্তি বা যুবকক আগতীয়াকৈ ঠিক কৰি দিয়া হয় আৰু সেই যুৱক কেইজনে সম্পূৰ্ণ নিয়ম মানি লঘুনিয়া দেহাৰে গোঁসাই ফুৰোৱা কাৰ্য্যত জৰিত হয়। আচৰ্য্যজনক ভাবে এই ক্ষেত্ৰত কিবা হীন দেৰি, বঢ়া টুটা বা যুৱক কেইজনৰ কিবা দোষ থাকিলে সেই যুৱকে গোঁসাই ফুৰোৱা সাঙিখন দাঙিব নোৱাৰা হৈ পৰে বা চিটিকি পৰে।
মন কৰিবলগীয়া যে বৃহত্তৰ ঘগুৱা অঞ্চলত এক উৎসৱমুখৰ পৰিবেশত পূৰ্ব পুৰুষৰ পৰা প্ৰজন্ম ক্ৰমে অনুস্থিত কৰি অহা এই পূজাৰ সৈতে কামাখ্যা দেৱী বা কামাখ্যা মন্দিৰৰ এক সংযোগ আছে বুলি জন প্ৰবাদ আছে। কামাখ্যাত বছৰি অনুষ্ঠিত অম্বুবাচী মেলাৰ পিছৰ এটা মঙ্গলবাৰত এই পূজা অনুষ্ঠিত কৰা হয়। প্ৰবাদমতে মা কামাখ্যা দেৱীক বিনাশ কৰাৰ বাবেই মহাদেৱ শিৱৰ ৰুদ্ৰ মূৰ্ত্তিৰ ফলত শিলত লাগি জ’টাধাৰি মহাদেৱৰ জ’টাৰ পৰা বীৰভদ্ৰৰ সৃষ্টি হৈছিল আৰু এই বীৰভদ্ৰৰ পূজাৰ নামান্তৰেই হ’ল এই মাল গোঁসাই পূজা। অঞ্চলটোৰ হামিল সমাজে বিশ্বাস কৰা মতে এই মাল গোঁসাই দেৱতাই অঞ্চলটোৰ মাৰোৱা থানৰ কাষতে থকা বিশেষ গছ এজোপাত বছৰি থিতাপি লয় আৰু পূজাৰ সময় চোৱাত জাগ্ৰত হৈ পৰে। আন এক বিশ্বাসমতে পূৰ্বতে পুৰোহিতে গোঁসাই আসনখন প্ৰতিষ্ঠা কৰাৰ পিছত আসনখন আপোনা আপোনি ওপৰলৈ উঠিছিল আৰু লাহে লাহে যাত্ৰা কৰিছিল। পৰবৰ্তী সময়ত আসনখন মানুহে দাঙি লৈ যাত্ৰা কৰা হ’ল। বিশ্বাসমতে এনেদৰে যাত্ৰা কৰাৰ সময়ত কোনো লোকে সাঙিৰ তলেৰে পাৰ হৈ গলে ব্যক্তিজনৰ পাপ বা দোষ খণ্ডন হয় আৰু বিশেষ শক্তি লাভ কৰে। সেয়েহে পূজাৰ দিনা বহু লোকে সাঙিৰ তলেৰে পাৰ হোৱা দেখা যায়। পূজাৰ দিনা সমগ্ৰ অঞ্চলটো উৎসৱ মুখৰ হৈ পৰে আৰু এই দিনটোত ঘৰখনৰ পৰা আঁতৰি থকা গাওঁখনৰ জীয়ৰী, বোৱাৰী, লৰা ছোৱালী, মিতিৰ কুটুম, বন্ধু বান্ধব ঘৰে ঘৰে উপস্থিত হয় আৰু মাল গোসাঁইৰ ওচৰত ধূপ নৈবদ্যৰে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। গাঁৱৰ ন কইনা তথা নৱ বিবাহিতা দম্পতীৰ বাবে এই দিনটো বিশেষ তাৎপৰ্য পূৰ্ণ হিচাপে বিবেচিত হয়।
মূলতঃ কাৰ্বি জনজাতি লোকসকলে পূজাৰ আগদিনা লঘুনীয়া মদ গ্ৰহণ কৰি পূজাৰ দায়িত্ব সমূহ ভগাই লয় আৰু পূজাৰ দিনা অঞ্চলটোৰ সকলো ধৰ্মাৱলম্বী লোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি গোঁসাই পূজা কৰে আৰু অঞ্চলটোত থকা বিষ্ণু মন্দিৰ, মা চন্দিকা মন্দিৰ, মনসা মন্দিৰ, কালি গোসাঁনী মন্দিৰ, বামুন মন্দিৰ আদিকে ধৰি সমগ্ৰ আই থান, মন্দিৰ, নামঘৰ, মণিকূট আৰু অন্যান্য উপাসনা স্থান সমূহৰ লগতে প্ৰতিঘৰ মানুহৰ ঘৰত ধুপ বন্তি জ্বলাই শৰাই আগবঢ়াই থয় আৰু সাঙিত উঠাই ঘূৰাই লৈ ফুৰা গোঁসাই আহি এই শৰাই গ্ৰহণ কৰি গাঁওবাসীক আশীৰ্বাদ প্ৰদান কৰে। পূজা ভাগৰ সৈতে শাক্ত আৰু বৈষ্ণৱ, এই দুই পন্থাৰ মিলন ঘটে। দিনৰ ভাগত স্থানীয় বিষ্ণু মন্দিৰত আৰম্ভ হোৱা পূজা ভাগ গোঁসাই ফুৰোৱাৰ অন্তত ৰাতিলৈ স্থানীয় মাৰুৱা থানত সমাপ্তি ঘটে। পূজা আৰম্ভ হোৱাৰ পূৰ্বে স্থানীয় ৰজাঘৰিয়া পৰিয়ালৰ লোক এজনে গোঁসাইক ৰাজমালা পিন্ধাই। এই পূজাৰ আন এক বৈশিষ্ট হল যে গোসাঁই আসন স্থাপন কৰিবলৈ প্ৰয়োজন হোৱা পূজাৰ দ্ৰব্য সমূহ মানুহৰ দ্বাৰা সৃষ্টি হোৱা হব নালাগিব। ইয়াৰ পৰিবৰ্তে প্ৰাকৃতিক ভাবে সৃষ্ট অথবা সেই অঞ্চলতে উৎপন্ন অথচ নতুন আৰু নিভাজ হব লাগিব। আসন লৈ ফুৰা চাঙিখন বনাবৰ বাবে প্ৰয়োজনীয় বাঁহ দুডাল পোন বাঁহ হব লাগিব। ইয়াক বিচাৰি পোৱাতোও ইমান সহজ নহয়। সেইবাবে ইয়াৰ ঠিকনা সপোন যোগে দেখুওৱা হয়। এই বাঁহ দুডাল আকৌ ফুলৰ দৰে দেখনিয়াৰ আৰু কলাসুলভ আৰ্হিত চাঁচি লব লাগে। লগতে প্ৰয়োজন হয় আঢ়ৈ ফুট দৈৰ্ঘ্যৰ ১১ টাকৈ কামিৰ । কামি সমূহ বান্ধিবৰ বাবে প্ৰয়োজন হোৱা টঙাল সমূহ অনাৰ দায়িত্ব দিয়া হয় স্থানীয় মাজকুচি গাঁৱৰ আদিবাসী লোকসকলক। তেওঁলোকে স্থানীয় পাহাৰৰ পৰা কাটি অনা বাঁহৰ পৰা প্ৰস্তুত কৰে টঙাল সমূহ। ইয়াৰ বাবে সমাজে তেওঁলোকলৈ তামোল পাণ এযোৰ আগতীয়াকৈ আগবঢ়াই থয়। আসনখনত প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰয়োজনীয় কলডিলটো যথেষ্ট ডাঙৰ আৰু আগটো উলাও নুলাওকৈ থকা অৱস্থাত এক বিশেষ আকাৰৰ হব লাগে। ইয়াকো বিচাৰি পোৱাটো সহজ নহয় বাবে সপোন আকাৰে দেখুওৱা হয়। এই কলডিল আৰ্হিটোক দৌলসত্ৰ বুলি কোৱা হয়। আসনখন প্ৰতিষ্ঠা কৰি কলপাতৰ জৰিয়তে মহাদেৱ শিৱৰ জ’টাৰ আৰ্হিত এটা নোৰা বনোৱা হয় আৰু নোৰাৰ ভিতৰত এযোৰ জীৱন্ত পাৰ চৰাই ৰখা হয়। আৰ্চৰ্য্যজনক ভাবে চাৰিজন ব্যক্তিয়ে এই আসনখন লৈ খোজ কঢ়াৰ লগতে কোনো সময়ত দৌৰি দৌৰি যোৱাৰ পিছতো এই পাৰ কেইটা ওলাই বা উৰি নাযায়। গোঁসাই আসন লৈ ফুৰা ব্যক্তি কেইজনৰ গাত আঠুৰ মূৰত থকা এখন চুৰিয়াৰ বাদে আন কোনো কাপোৰ নাথাকে। তেওঁলোকৰ কিবা দোষ থাকিলে মাল গোসাঁইক দাঙিব নোৱাৰে বুলি আন এক বিশ্বাস জৰিত হৈ আছে। অন্যহাতে গাওঁ বাসীয়ে এই পূজা অনুষ্ঠিত নকৰাকৈয়ো থাকিব নোৱাৰে। পূজা অনুষ্ঠিত কৰাত বিলম্ব হলে গাওঁবাসীৰ মাজত অপায় অমঙ্গলে দেখা দিয়ে । ৰাতিলৈ পূজাৰ সৈতে মূৰ্গী, পাৰ আদি বলি দিয়াৰ নিয়ম আছে। ধুপ, ধুনা, ফুল ফল, নৈবদ্য আদি দিয়াৰ পিছত গোঁসাই ফুৰাবলৈ সাজু হোৱা আসনখন বিশেষ মন্ত্ৰ উচ্চাৰণৰ জৰিয়তে ধোওৱা হয় আৰু পৰবৰ্তী সময়ত গোঁসাইক ফুৰোৱা হয়। বিশ্বাস মতে গোঁসাই ফুৰাই থকা অৱস্থাত কোনো যুৱক যুৱতী বা ব্যক্তিয়ে গোঁসাইক জোকালে গোসাঁইৰ খং উঠে আৰু চাঙিসহ যুৱক চাৰিজন গাৰীৰ চকাৰ দৰে গাৰ জোৰেৰে দৌৰি যেনি তেনি যাত্ৰা কৰে। সেই সময়ত সন্মুখত পানী ভৰা পুখুৰী, খাল, ডুং, নদ- নদী, পাহাৰ, পথাৰ, নিজৰা আদি থাকিলেও বিশেষ শক্তিৰে পাৰ হৈ যায়। যেন ব্যক্তি কেইজনে নিজে যোৱা নাই। এক বিশেষ শক্তিৰ বলতহে তেওঁলোকক লৈ যোৱা হয়।
এনে ধৰণৰ বিশ্বাস অবিশ্বাস ৰ মাজত চলি থকা এই পূজাৰ দিনা অঞ্চলটোত সহস্ৰাধিক লোকৰ সমাগম ঘটে আৰু ধাৰ্মিক পৰিবেশত অঞ্চলটো উদ্ভাসিত হৈ পৰে। আটাইতকৈ ডাঙৰ কথা যে ইয়াৰ জৰিয়তেই অঞ্চলটোৰ হামিল (সমিলমিল) সমাজৰ এক অবিচ্ছেদ্য অংশ হিচাপে গাঁওবাসীৰ মাজত সাতামপুৰুষীয়া মিলাপ্ৰীতি বৰ্তি থাকে আৰু নানা ধৰণৰ অপায় অমংগল, অসুয়া অপ্ৰীতিৰ পৰা হাত সাৰি থাকে। হয়টো ইয়াৰ বাবেই আচৰ্য্যজনক ভাবে সমগ্ৰ ঘগুৱা অঞ্চলত অপৰাধ প্ৰবণতা বা অপৰাধীৰ সংখ্যা শূণ্য বুলি কব পৰা যায়।
লেখকঃ উৎপল শইকীয়া