Breaking

ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত নতুন পেভেলিয়নৰ শুভ উদ্বোধন…

0 30

ধুবুৰী ক্ৰীড়া ক্ষেত্ৰত সুনাম আছে যদিও আজিলৈকে জাভেদ জামানৰ পিছত ভাল এজন খেলুৱৈয়ে উঠি অহা নাই। অসম ক্ৰিকেট সন্থাই অসমৰ প্ৰতিখন জিলাতে ক্ৰিকেট খেলাৰ উন্নয়নৰ বাবে আন্তঃগাথঁনি নিৰ্মাণ কৰি আছোঁ। ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰত কাম কৰিছো। আজি ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত নতুন পেভেলিয়ন, গ্ৰাউণ্ড পিচ,বনাই দিলো। লাহে লাহে প্ৰতিখন জিলাৰ চুকে কোনে ক্ৰিকেট খেলৰ উন্নয়নৰ বাবে আন্তঃগাথঁনি প্ৰস্তুত কৰিব। বাকি ভাল খেলুৱৈ ওলাই আহিব লাগিব। আজি ৰিয়ান পৰাগ যেনেকৈ ওলাই আহিছে, তেনেকৈ ১০-১৫ জন ৰিয়ান পৰাগ অসমৰ ক্ৰীড়া ক্ষেত্ৰত ওলাই আহিব লাগে”-মন্তব্য অসম ক্রিকেট সন্হাৰ সভাপতি তৰংগ গগৈৰ।

আজি ধুবুৰী ঝগৰাপাৰ ষ্টেডিয়ামত, সম্পূৰ্ণ ভাবে নিৰ্মাণ হোৱা পেভিলিয়ানৰ শুভ উদ্বোধন কৰি এইদৰে কয়।ইয়াৰ আগতে আজি বিয়লি এই ধুবুৰী ক্ৰীড়া সন্থাৰ গ্ৰাউণ্ড পেভিলিয়ানত এখন সভা অনুষ্ঠিত হয়।সভাৰ সভাপতিত্ব কৰে অমল কুমাৰ সাহা। উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰন সম্পাদক ৰতন চন্দ্ৰ মন্ডল। পৰিচালনা কৰে বিশ্বজিৎ কলিতা। সভাত উপস্থিত আছিল সভাপতি, অসম ক্ৰিকেট সন্থা আৰু বিধায়ক , নাহৰকটীয়া সমষ্টি, ত্ৰিদীপ কোৱৰ, সম্পাদক, অসম ক্ৰিকেট সন্থা, চিৰঞ্জিত লাংথাচা, কোষাধ্যক্ষ, অসম ক্ৰিকেট সন্থা ,ৰাজদ্বীপ ওজা, উপ সভাপতি, অসম ক্ৰিকেট সন্থা, ৰাজেন্দ্ৰ সিং, যুটীয়া সম্পাদক, অসম ক্ৰিকেট সন্থা, অনুপম ডেকা,সভ্য এপেক্স কাউঞ্চিল , জাবেদ জামান, প্ৰাক্তন খেলুৱৈ ভাৰতীয় “এ“ টিম, যোগেশ বৰুৱা, প্ৰাক্তন সচিব, খেল বিভাগ, অসম, অমল কুমাৰ সাহা, কাৰ্যকৰী সভাপতি, জিলা ক্ৰীড়া সন্থা ধুবুৰী, ৰতন চন্দ্ৰ মন্ডল,সাধাৰন সম্পাদক, জিলা ক্ৰীড়া সন্থা, ধুবুৰী। দেৱময় স্যানাল, পৌৰপতি, ধুবুৰী পৌৰসভা ,দীপক সাহা, সভাপতি, ধুবুৰী গৌৰীপুৰ উন্নয়ন পৰিষদ৷

Leave A Reply

Your email address will not be published.