Breaking

অৱশেষত সন্ধান ওলাল হিমাচলত সন্ধানহীন হৈ থকা শিৱসাগৰৰ নৱদম্পত্তিৰ

0 720

সন্ধান ওলাল হিমাচলত সন্ধানহীন হৈ থকা শিৱসাগৰৰ নৱদম্পত্তিৰ।

হিমাচল প্ৰদেশৰ থালৌটত ফুৰিবলৈ গৈ বিগত চাৰি দিন সন্ধানহীন হৈ থকা দেৱাশীষ ৰাজখোৱা আৰু পত্নী শিখা ফুকন সম্প্ৰতি আশ্ৰয় শিবিৰৰ থকা বুলি সদৰি কৰিছে চৰাইদেউৰ উপায়ুক্তই।

উল্লেখযোগ্য যে গুৱাহাটীত কৰ্মৰত অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথিৱী ৰাজখোৱাৰ ভাতৃ দেৱাশীষ ৰাজখোৱা।

৪ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচলৰ বিভিন্ন স্থানত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিওফালে কেৱল ধ্বংসলীলা। সকলো উটি-ভাহি গৈছে কৃত্ৰিম বানত।

সন্ধানহীন হৈ আছে বহু লোক। মৃত্যুক সাৱটিছে ৩০ গৰাকীৰো অধিক লোকে। উল্লেখ্য যে, এই প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল অসমৰ এই দম্পতীও।

Leave A Reply

Your email address will not be published.