অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ…

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ। একেদিশত গৈ থকা বলেৰ’ পিকআপ ভানত প্ৰচণ্ড খুন্দা বাছখনৰ।

পথৰ সমীপৰ দ পুখুৰীত বাগৰি পৰে বলেৰ’ পিকআপ ভানখন। বাহনখনক খুন্দিয়াই মানুহ এঘৰৰ দেৱালত খুন্দা বাছখনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী বাছ যাত্ৰী।

আহত দুয়োগৰাকী যাত্ৰীক চিকিত্সালয়ত ভৰ্তি স্থানীয় ৰাইজৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰে বাছত থকা যাত্ৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ চালকজনৰ ঘটনাস্থলীৰ পৰা পলায়ন। হাটশিঙিমাৰীৰ পৰা গোৱালপাৰা অভিমুখী আছিল যাত্ৰীবাহী বাছখন।

Related Articles