বঙাইগাঁও আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পমখেদি ৰাখালডুবি অঞ্চলত অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ৩৪ গ্ৰাম হেৰ’ইনৰ লগতে এটা মোবাইল ফোন আৰু নগদ ২২ শ টকা জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বঙাইগাঁও জিলাৰ হাপাচাৰাৰ ইনামূল হক বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে জানিবলৈ দিয়া মতে আজি দিনৰ প্ৰায় দুইমান বজাত গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰাখালডুবি এলেকাত ড্ৰাগছৰ সৰবৰাহকাৰীৰ সন্ধানত অভিযান চলায় ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৰাখালডুবিত ড্ৰাগছ বিক্ৰী কৰাৰ বাবে উপস্থিত হ’ব বুলি সম্ভেদ লাভ কৰাৰ পিছতে অঞ্চলটোত খাপপিটি থাকি চলোৱা অভিযানত ড্ৰাগছসহ ইনামূল হকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে পিছত ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক বঙাইগাঁও সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ লগতে এই ড্ৰাগছৰ বেহাৰ লগত কোন কোন জড়িত আছে সেইসকলোৰ তথ্য উদঘাটনৰ বাবে উঠি পৰি লাগিছে ৷ উল্লেখ্য যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰী আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষসহ আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !