Breaking

চিলাপথাৰত “শাওনৰ দুপৰীয়া শব্দৰ ৰ’দ” শীৰ্ষক কবিতা-গীত-অন্তৰংগ আলাপ অনুষ্ঠান ! অমিলতা টায়ে মিলিৰ “দুষ্মন্তৰ আঙুঠিটো নিপিন্ধাকৈ থাকি গ’ল” উন্মোচন…

0 42

চিলাপথাৰস্হিত নামচুক কুলাজান পামত আজি অনুষ্ঠিত হয় কবিতা-গীত অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে এখন গ্ৰন্থ উন্মোচনী সভা । চিলাপথাৰ কবি সমাজৰ উদ্যোগত, চন্দ্ৰকান্ত মিলি আৰু অমিলতা টায়ে মিলিৰ আতিথ্যত পিতৃ দুৰ্গা প্ৰসাদ টায়েৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে অনুষ্ঠিত দেওবাৰে (১৮/০৮/২০২৪) এই অনুষ্ঠানৰ আৰম্ভণিতে পদ্মনাথ টায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই দুৰ্গা প্ৰসাদ টায়েৰ জন্ম দিৱসৰ ওলগ আৰু উদযাপন কৰাৰ পাছতেই অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদ্যপ্ৰয়াত অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সভাপতি ৰবীন্দ্ৰ বৰাৰ স্মৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । ইয়াৰ পিছতে চিলাপথাৰ কবি সমাজৰ সভাপতি নৃপেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত চিলাপথাৰ অঞ্চলৰ কবি,

সাহিত্যিক অমিলতা টায়ে‌ মিলিৰ উপন্যাস “দুষ্মন্তৰ আঙুঠিটো নিপিন্ধাকৈ থাকি গ’ল” উন্মোচন কৰে মিচিং আগমৰ সভাপতি হৰিনাৰায়ণ পেগুৱে । ইফালে ঔপন্যাসিক অমিলতা টায়ে মিলিয়ে উপন্যাসখনৰ সৃষ্টিৰ নেপথ্যৰ সামগ্ৰিক ছবিখন দাঙি ধৰাৰ লগতে উপন্যাসখনৰ কিছু আভাস আৰু বাস্তৱ ৰূপ দিবলৈ যাওতে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ শলাগ লয়। সভাত উপস্থিত থাকে অসম কবি সমাজৰ উপ-সভাপতি উষা বুঢ়াগোহাঁই, দীপক ভৰালী, কবি ভুৱন দাস, চন্দ্ৰকান্ত মিলি, জোনটি সোণোৱালৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি। ইফালে উক্ত সভাতেই সদ্যপ্ৰয়াত কবি সমাজৰ সভাপতি ৰবীন্দ্ৰ বৰাক শ্ৰদ্ধাঞ্জলি জনায় আৰু উন্মোচন হোৱা উপন্যাসখনিক বাস্তৱ ৰূপ দিয়াত ভূমিকা পালন কৰা ৰবীন্দ্ৰ বৰাৰ শলাগ লয়৷ ইয়াৰ পাছতেই আৰম্ভ হয় কবি সমাৰোহ।

জোনাইৰ বিশিষ্ট কবি তোষেশ্বৰ মিৰি আগৰৱালাৰ সঞ্চালনাত অনুষ্ঠিত কবি সমাৰোহখনি কবিতা পাঠেৰে উদ্বোধন কৰে কবি সাহিত্যিক-সাংবাদিক মৃদুপৱন চুতীয়াই। ইয়াৰ পাছতেই কথা আৰু কবিতা পাঠ কৰে সাংস্কৃতিক কৰ্মী জয় কুমাৰ দলে, গোপালচন্দ্ৰ দেৱ, নবীন বৰগোহাঁই, ভুৱন দাস, ভাগ্যৱতী দত্ত, ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়া, কানন পেগু, নবীন পাইট, নয়নমনি মহন্ত, ৰেণু বৰুৱা, মিত্ৰ লাল শৰ্মা, চিৰঞ্জীৱ শইকীয়া, মেদিনী মোহন বৰুৱা, অঞ্জুমনি গগৈ, দীপামনি বকল, চিত্ৰ বৰগোহাঁই, মনালিছা সন্দিকৈ দিহিঙীয়া, ভগিৰথ মিলি, টুলটুল ফুকন, ৰিণী শইকীয়া, দেৱীনা পামেগাম পেগু, মঞ্জু দাস, দীপৰেখা, দেৱ জ্যোতি, দীপালী, ইভাৰাণীয়ে কবিতা, গীত, আলাপত অংশগ্ৰহণ কৰে। আনহাতে, কবিতাৰ পৰ্যালোচনা দাঙি ধৰে কবি বিপুল শৰ্মায়ে। কেইবাটিও কণমানিয়ে পৰিৱেশন কৰা নৃত্যই অনুষ্ঠানটো জীপাল কৰি তোলে।

Leave A Reply

Your email address will not be published.