দেশৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মীৰ তৎপৰতাত কিছু পৰিমাণে হ’লেও সুৰক্ষিত হৈ আছে বনজ সম্পদ সমুহ। এই কথাৰ প্ৰমাণ স্বৰূপে ৰাজ্যৰ গোৱালপাৰা জিলাৰ বন সংমণ্ডলৰ বন বিষয়া শান্তনা মেধি আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ সৱল নেতৃত্বত গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন এলেকাত অবৈধ কাঠ ফলা মিল ; অবৈধ বালি আৰু চোৰাং কাঠৰ বিৰূদ্ধে প্ৰতিদিনে চলাই আহিছে মাৰাথান অভিযান। আজিও গোৱালপাৰা জিলাৰ গোৱালপাৰা বনাঞ্চলিক বন বিষয়া শান্তনা মেধিয়ে এক গোপন খৱৰৰ ভিত্তিত গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী আৰু কৰ্মীৰ নেতৃত্বত এদল বন কৰ্মীৰ আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, ASI বুধি মোহন বৰ্মনৰ যৌথ অভিযানত মাটিয়াৰ সাৰাপাৰা আৰু আগিয়া অঞ্চলত চলোৱা এক অভিযানত এটা অবৈধ কাঠ ফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে বহু দিন ধৰি বন বিভাগৰ লোকৰ চকুত ধূলি দি মাজনিশা চৰাং কাঠ ব্যৱসায়ীসকলে অবৈধ ভাৱে মিলটো চলাই আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ; জব্দ হোৱা চোৰাং কাঠ খিনিৰ মূল্য প্রায় ৩,০০০০ (তিনি লাখ) টকা হ’ব বুলি বনাঞ্চলিক বিষয়া গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে বন বিভাগৰ বিষয়া কৰ্মীৰ তৎপৰতাত দিন ৰাতি একাকাৰ কৰি বন সুৰক্ষা কৰ্মীয়ে বনজ সম্পদ সুৰক্ষাৰ বাবে চলাই আছে বিনিদ্ৰ অভিযান।