Breaking

মণিপুৰৰ ঘটনাক লৈ লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী…

0 99

মণিপুৰৰ ঘটনাক লৈ বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৷ দেশজুৰি কঁ‌পোৱা মণিপুৰৰ মহিলাৰ যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে প্ৰতিবাদ। আদিবাসী আইকণ তথা বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে তেওঁৰ সমৰ্থক সকলক লৈ বিশ্বনাথৰ জপৌ বাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰি এয়া এক চৰম লজ্জাজনক   বুলি অভিহিত কৰে লক্ষ্মী ওৰাঙে ৷

মহিলাক এইদৰে বিৱস্ত্ৰ কৰি ৰাজপথত সমদল কৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰে ৷ আৰু এই ঘটনাৰ সৈতে জড়িত লোকক কঠোৰতম শাস্তিৰ দাবী তোলে লক্ষ্মী ওৰাঙে । আনহাতে নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে নেত্ৰী গৰাকীয়ে। উল্লেখ্য যে,২০০৭ চনৰ ২৪নৱেম্বৰত আছাৰ আন্দোলনত ভাগ ল’বলৈ গৈ গুৱাহাটিৰ বেলতলাত চৰম নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল বিশ্বনাথৰ লক্ষ্মী ওৰাং নামৰ যুৱতীগৰাকী। ৰাজপথত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ লজ্জা নিবাৰণৰ বাবে অসমৰ্থ হোৱা লক্ষ্মী ওৰাঙে মনিপুৰৰ ঘটনাৰ পিছতে মাতৃজাতিক সুৰক্ষা প্ৰদানত মনিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মূৰব্বীৰ ব্যৰ্থতাৰো তীব্ৰ ভাষাৰে সমলোচনা কৰে।

Leave A Reply

Your email address will not be published.