Breaking

অম্বুবাচী মেলা উপলক্ষ্যে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত…

0 26

সমাগত অম্বুবাচী মেলা। অম্বুবাচী মেলাক লৈ অসম চৰকাৰৰ পৰ্যটন বিভাগে অনুষ্ঠিত কৰিলে পৰ্যালোচনা বৈঠক। বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত পৰিবহন বিভাগৰ লগতে অন্য বিভাগ সমূহৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যটন বিভাগৰ প্ৰশান্তি লজত মন্ত্ৰী গৰাকীয়ে ৰোপন কৰে এজুপি ৰুদ্ৰাক্ষৰ পুলি।

উল্লেখ্য অম্বুবাচী মেলা উপলক্ষ্যে কামাখ্যা নতুন অভাৰব্ৰীজৰ কাষতে ভক্তই থব লাগিব জোতা-চেণ্ডেল।সন্ধিয়া ৮ বজাৰ পিছত মূল পথ বন্ধ কৰা হ’ব। কামাখ্যা নতুন পথৰে ৯ বজালৈকে ভক্তই আহিব পাৰিব। নিদিষ্ট কৰি দিয়া স্থানত পানীৰ ব্যৱস্থা কৰা হ’ব।যথেষ্ট সংখ্যক ভ্ৰাম্যমাণ টয়লেট থাকিব। এইবাৰৰ অম্বুবাচী মেলাত কোনো ধৰনৰ ভিআইপি পাছ নাথাকিব।কোনো লোকে গাড়ী লৈ ওপৰলৈ আহিব নোৱাৰিব।কামাখ্যা ষ্টেচনত আৰু পাণ্ডু ঘাটত থাকিব বিশেষ শিবিৰ।

Leave A Reply