Breaking

ধিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে…

0 15

ধিঙত এগৰাকী ছাত্ৰীক কেইটামান নৰ পিশাচে ধৰ্ষণ কৰা কাণ্ডকলৈ শিৱসাগৰতো প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে।

ধিং কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত উজনি অসম মুছলিম কল্যাণ পৰিষদ, উজনি অসম সন্মিলিত মুছলিম পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ছাত্ৰী ধৰ্ষণৰ সৈতে জড়িত সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

ধৰ্ষনকাৰীক ফাঁচী দিয়ক, অবৈধ মিঞাক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে খিলঞ্জীয়া মুছলমান সমাজে। প্ৰতিবাদী কাৰ্যসূচীত আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.