Breaking

এক লোমহৰ্ষক ঘটনা ! পত্নীৰ পৰকীয়া প্ৰেমে কাল হ’ল স্বামীৰ…

0 33

বিলাসীপাৰা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰাৰ চাটাপাৰাত লোমহৰ্ষক ঘটনা। ৰহমান আলী নামৰ ব্যক্তি এজনক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ৰহমান আলীক নিশা তেওঁৰ শহুৰৰ পৰিয়ালে ঘৰৰ পৰা মাতি নিয়ে। ৰহমান আলীক মাতি নি হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ | পত্নীৰ পৰকীয়া প্ৰেমৰ কাল হ’ল স্বামী ৰহমানে।

ৰহমান আলীয়ে একেখন গাঁৱৰ তুলদ্দি সেখৰ কন্যা তজিমা বেগমক ২ বছৰ পূৰ্বে বিয়া পাতিছিল ।পেষাত ৰাজমিস্ত্ৰী ৰহমান আলী আৰু তেওঁৰ পত্নীৰ মাজত কিছুদিনৰ পৰা কাজিয়া চলি আছিল বুলি জানিব পৰা গৈছে |

তজিমা বেগমে পৰ পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ ৰহমানৰ পৰিয়ালৰ |হত্যা কাৰি গ্ৰেপ্তাৰৰ দাবীত স্হানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানা লৈ নিয়ে | পিছত মৃত্যু দেহটো মৰণোত্তৰ ভাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.