Breaking

পাঁচবছৰে মুকলি নোহোৱা ওৰাঙৰ গৰৈমাৰীৰ এটি উপ স্বাস্থ্যকেন্দ্ৰ।

0 2,048

আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল – এই ফকৰা যোজনাটোৰেই উদাহৰণস্বৰূপ হৈ পৰিছে এটি উপ স্বাস্থ্যকেন্দ্ৰ । যিটো ওৰাংৰ গৰৈমাৰীত পাঁচবছৰ আগতেই স্থাপিত হৈছিল । স্থাপিত হল ঠিকেই কিন্তু আজি পৰ্যন্ত নহল মুকলি । স্বাস্থ্যকেন্দ্ৰটি গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যসেৱা উন্নতি কৰাৰ উদ্দেশ্যে স্থাপিত কৰা হৈছিল । যিহেতু গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যখণ্ডৰ হৃদপিণ্ড স্বৰূপে উপ স্বাস্থ্যকেন্দ্ৰবোৰক বিবেচিত কৰা হয় । আৰু উপ স্বাস্থ্যকেন্দ্ৰবোৰৰ যোগেদিয়েই গ্ৰাম্য অঞ্চলসমূহত প্ৰসূতি মহিলাৰ পৰা আৰম্ভ কৰি ,পৰিয়াল পৰিকল্পনা , প্ৰাথমিক স্বাস্থ্য পৰীক্ষা , শিশুৰ প্ৰতিষেধক প্ৰদান , আদি কাৰ্য্যসমূহ উপ স্বাস্থ্যকেন্দ্ৰতেই সম্পন্ন কৰা হয় । কিন্তু আজি গৰৈমাৰীৰ স্থানীয় ৰাইজৰ মনত প্ৰশ্ন এটাই উঠিছে যে গৰৈমাৰীকে  ধৰি চাৰিখন গাওঁৰ একমাত্ৰ উপ স্বাস্থ্যকেন্দ্ৰটি পাঁচবছৰ পিছতো মুকলি কিয় নহ’ল ? তাত বিভাগীয় কৰ্তৃপক্ষ , চিকিৎসক, নাৰ্ছৰ পৰিৱৰ্তে চাৰিওকাষে কিয় হাবি জংঘলেৰে আৱৰিলে ? বৰ্তমান দেশ তথা ৰাজ্য কৰণাত্ৰাসৰ বাবে এক কঠিন পৰিস্থিতিৰ মাজেৰে চলিব লগীয়া হৈছে । প্ৰতিদিনে মহামাৰী কৰণা আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । যাৰ বাবে স্বাস্থ্য বিভাগেও বৃদ্ধি কৰিছে কভিড সজাগতা । কিন্তু এনে এটি কঠিন পৰিস্থিতিটো ৰাইজক সজাগ সতৰ্কিত কৰিবলৈ গৰৈমাৰী গাওঁৰ উপ স্বাস্থ্যকেন্দ্ৰটো যেন থাকিও নথকাযেন হবলগীয়া হৈছে । আৰু তাৰ বাবে উপ স্বাস্থ্যকেন্দ্ৰটি অতি সোনকালে মুকলি কৰি কাৰ্য্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।

Leave A Reply

Your email address will not be published.