পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সৰ্বমুঠ ৬৮৩০ গৰাকীক ভেকচিন প্রদান

২৬ অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচী‌ দুটা ভাগত বিভক্ত কৰি ভেকচিন প্রদান কৰা হৈছে। এটা ভেকচিনেচন কাৰ্য্যসূচী পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত আৰু আনখন চিকিৎসালয়ৰ  অধীনৰ ওচৰৰ দক্ষিণ চুবা গাওঁত‌ স্বাস্থ্যকৰ্মী সকলে আশা কৰ্মী লগত লৈ ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰিছে।কিছুমান১৮ বছৰ ঊৰ্ধৰ এনেকুৱা ব্যক্তিক আছে যি সকলে ২৬ অক্টোবৰলৈ  প্রথম পালি ভেকচিন গ্ৰহণ কৰা‌‌ নাই। ২৬অক্টোবৰত মুঠ ৯৯ গৰাকীক ক’ভিড ভেকচিন দিবলৈ সক্ষম হৈছে  ইয়াৰে প্ৰথম পালি লোৱা ব্যক্তিৰ সংখ্যা ২৯ গৰাকী আৰু দ্বিতীয় পালি ভেকচিন লোৱা ব্যক্তিৰ সংখ্যা ৭০ গৰাকীআৰু আজিলৈ সৰ্বমুঠ দুয়ো পালি মিলি ৬৮৩০  গৰাকীক ভেকচিন প্রদান সম্পুর্ণ হৈছে। যি সকল ব্যক্তিয়ে আজিলৈকে প্রথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে তেওঁলোকক অহা ৩১ অক্টোবৰ ২০২১ তাৰিখৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিবলৈ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্য্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ৰাইজক বাৰম্বাৰ আহ্বান জনাই আহিছে‌।আনহাতে যি সকল ব্যক্তিৰ দ্বিতীয় পালি ক’ভিড ভেকচিন ল’বলৈ বাকী আছে তেওঁলোকক প্ৰথম পালি ভেকচিন লোৱাৰ ১২ সপ্তাহৰ পৰা ১৬ সপ্তাহৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আজি দক্ষিণ চুবা গাওঁত‌ ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰা স্বাস্থ্যকৰ্মী সকল হৈছে মুনু দাস(এ ,এন ,এম),বিজুলী কলিতা দাস (আশা ছুপাৰভাইজৰ )লগতে আশা কৰ্মী মৰজিনা বেগম,হাছিনা বেগম ,জৰিনা বেগম সহায় সহযোগিতা আগবঢ়ায় ।আনহাতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিনেচন দায়িত্ব আছে  ৰীছা দৈমাৰী (জিএন এম), বীৰেন্দ্ৰ হাজং MPW,ৰীংকু দৈমাৰী  (জিএন এম) ৷

Related Articles