Breaking

নাজিৰা মহকুমাত স্বাধীনতা দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিক সকলৰ মাজত খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত…

0 15

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত, নাজিৰা এম.চি ক্লাবৰ পৰা নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ ষাঠী বছৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ মাজত “Freedom Walk” শীৰ্ষক এক খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।


সত্তৰো অধিক ব্যক্তিৰ উপস্থিতিৰে আয়োজন কৰা এই প্ৰতিযোগিতাত অতিৰিক্ত আয়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকে আৰু জ্যেষ্ঠ নাগৰিক সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে তেঁওলোকৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়।

উক্ত প্ৰতিযোগিতাত, পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰদীপ কুমাৰ গগৈ, বেনী মাধৱ গগৈ আৰু দিলীপ দাসে লগতে মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে পুষ্পা গগৈ, অঞ্জু সাধনীদাৰ আৰু চম্পা দুৱৰা বৰুৱাই । এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.