Breaking

চাকৰি অথবা বিয়াৰ প্ৰলোভন দি মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেই হ’ব ১০ বছৰৰ কাৰাবাস…

0 17

অধিক কঠোৰ হ’ল ভাৰতীয় ন্যায় ব্যৱস্থা। ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন। তিনিখন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কালিৰে পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ। কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হৈছে। এই আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে।


ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ত বহু নতুন অপৰাধ সন্নিবিষ্ট কৰা হৈছে। উদাহৰণস্বৰূপে, ৬৯ নং ধাৰাত ‘প্ৰৱঞ্চনামূলক’ যৌন সম্পৰ্কৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। এই ধাৰাত কোৱা হৈছে, “যিকোনো ব্যক্তিয়ে কোনো মহিলাৰ সৈতে ‘প্ৰৱঞ্চনামূলক উপায়েৰে’ বা বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি (সেয়া পূৰণ কৰাৰ কোনো উদ্দেশ্য নোহোৱাকৈ) শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে, দহ বছৰলৈকে কাৰাবাস আৰু জৰিমনা হ’ব’ ‘প্ৰৱঞ্চনামূলক উপায়’ৰ ভিতৰত নিয়োগ বা পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি, যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰা বা প্ৰকৃত পৰিচয় লুকুৱাই বিবাহ কৰোৱাটোও অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰাই এতিয়া বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাসকলক নাকী লগাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। তদুপৰি চাকৰি দিয়াৰ প্ৰলোভন, পদোন্নতিৰ প্ৰলোভন আৰু বিয়া কৰোৱাৰ প্ৰলোভনেৰে মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলৰো ১০ বছৰৰ কাৰাবাস নিশ্চিত হৈ পৰিল।

Leave A Reply