নাজিৰা পৰা দিলীপ হাজৰিকা ।
লক ডাউনত শিৱসাগৰত আবদ্ধ হৈ থকা এজন বিদেশী যুৱক । অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে স্পেইনৰ এই নাগৰিকজন। গাঁৱৰ পথাৰত কঠিয়া পৰাত, টেক্টৰ চলাই হাল বোৱাৰ পৰা বোকা খচি লাহনিৰে পানী সিঁচাত পাকৈত হৈ পৰিছে মেনুৱেল আৰিবাছ চজিকিউ নামৰ বিদেশী নাগৰিকজন। আনকি, মূৰত গামোচা মাৰি পথাৰত কাম কৰি এপয়লা সাজ খাই উৎফুল্লিত হৈ পৰিছে বিদেশী যুৱকজন। বিগত চাৰি মাহে শিৱসাগৰ জিলাৰ বকতা , বকতিয়াল গাৱঁত মাটি, পানী, বায়ুৰ সৈতে সংপৃক্ত হৈ পৰিছে স্পেইনিচ যুৱকজন। লক ডাউনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে গড়গাঁও কলেজত অনুষ্ঠিত যুৱ মহোৎসৱলৈ আহিছিল তেওঁ। চাইকেলৰে স্পেইনৰ পৰা ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসম আহিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ এই লোকজন। যুৱ মহোৎসৱৰ পিচত তেওঁ বকতাৰ বকতিয়াল গাঁৱৰ নিবাসী সত্যৰঞ্জন বৰবৰুৱাৰ পুত্ৰ বিশ্বজিত বৰবৰুৱা নামৰ গড়গাঁও কলেজৰ প্ৰাক্তন ছাত্ৰজনৰ লগত চিনাকী হৈ তেওঁৰ ঘৰতে আছিল কিন্তু, বিশ্বজুৰি কৰোনা ভাইৰাচৰ পাৰ্দুভাৱ আৰু স্পেইনতো কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বদেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে তেওঁ। প্ৰশাসনে পৰ্যটন বিভাগৰ আতিথ্যত ৰাখিবলৈ অনুৰোধ কৰাৰ পিচতো সেই অনুৰোধক প্ৰত্যাখ্যান কৰি অসমৰ গ্ৰাম্য জীৱনত থাকি বহুত ভাল পোৱা বুলিহে প্ৰকাশ কৰে বিদেশী নাগৰিকজনে। এতিয়া দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছে তেওঁ। চাৰিমাহৰ ভিতৰতে গাওঁবাসীৰ বাবে তেওঁ আপোন হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে একাকাৰ হৈ অসমীয়া ভাষা কবলৈও শিকিছে স্পেইনিচ যুৱকজনে। আনকি গাঁৱৰ প্ৰতিঘৰৰ সকাম নিকামো উপভোগ কৰিছে তেওঁ। তেওঁ বকতিয়াল গাওঁ, অসম তথা ভাৰতীয় নাগৰিকৰ আতিথ্যক ভূয়সী প্ৰশংসা কৰে। মেনুৱেল আৰিবাছ চজিকিউয়ে গাঁৱৰ প্ৰতিটো ক্ষণ উপভোগ আনন্দ কৰি পাৰ কৰিছে এনেদৰে। পৰিয়ালটোৱেও মেনুৱেলক বৰপুত্ৰ হিচাবেই মানিবলৈ লৈছে । মেনুৱেলে দৈনিক স্পেইনত থকা মাতৃ তথা পৰিয়ালক ভিডিঅ কলেৰে গাঁৱৰ বিষয়ে অৱগত কৰে। মেনুৱেলৰ পৰিয়ালেও অসমৰ আতিথ্যক শলাগ লৈছে । কিন্ত এদিন পুনৰ চাইকেলেৰে সুদূৰত থকা স্বদেশ স্পেইনলৈ যাত্ৰা কৰিব তেওঁ। এৰি থৈ যাব লাগিব অসমীয়া ভাৰতীয় মানুহৰ আতিথ্য, মৰম, সান্নিধ্যৰ সুমধুৰ স্মৃতি ৷

☞ যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।