Breaking

চৰাই-চিৰিকটি, জীৱ-জন্তুৱেই তেওঁৰ জীৱন! চৰাই-চিৰিকটি ৰক্ষাত নীৰৱে সংগ্ৰাম চলাই গৈছে এজন যুৱকে…

0 11

যি সময়ত বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিক একাংশ অসাধু লোকে অত্যাচাৰ তথা জাল-ফান্দ পাতি ধৰি খাইছে, মাৰি পেলাইছে তেনে সময়ত ছিপাঝাৰৰ এগৰাকী যুৱকে বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি ৰক্ষাত নীৰৱে চলাই গৈছে সংগ্ৰাম তথা সজাগতাৰ।ছিপাঝাৰৰ পশ্চিম চুবাৰ সঞ্জীৱ নাথ  নামৰ স্নাতক ডিগ্ৰীধাৰী যুৱক গৰাকীয়ে তিনি-চাৰি বছৰ ধৰি বনৰীয়া জীৱ জন্তু, চৰাই চিৰিকটি ৰক্ষাত বিশেষভাৱে কাম কৰি আহিছে।

প্ৰকৃতিৰ প্ৰতি অগাধ ভাল পোৱা যুৱক গৰীকীয়ে বনৰীয়া চৰাই-চিৰিকটিৰ সুৰক্ষাৰ বাবে নিজৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰত, গছ-বাঁহ, ঝাৰণিত থকাৰ বাবে বাহ সাজি দিয়াই নহয়, নিজৰ পকেটৰ টকাৰে কিনি নি খাদ্যও যোগান ধৰি আহিছে। তদুপৰি ঠায়ে ঠায়ে বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বেনাৰ-পোষ্টাৰ আঁৰি দি ৰাইজৰ মাজত সজাগতা সৃষ্টি  কৰি আহিছে। যাৰ পিছত সুৰক্ষিত অৱস্থাত বনৰীয়া চৰাই-চিৰিকটিৰে ঠাহ খাই পৰে গাঁওখনত। ইতিমধ্য বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ লগত যোগাযোগ কৰি অধিক জানি লৈ নীৰৱে চলাই গৈছে বনৰীয়া জীৱ জন্তু তথা প্ৰকৃতি ৰক্ষাৰ সংগ্ৰাম। যুৱক গৰাকীৰ কৰ্মক জ্যেষ্ঠ নাগৰিক,বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ শৰ্মাকে ধৰি অঞ্চলটোৰ বহুলোকে শুভেচ্ছা জনাইছে।

Leave A Reply