Breaking

হাজোৰ বাগটাত মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন যুৱকৰ…

0 182

হাজোৰ বাগটাত এটি শোকাবহ ঘটনা সংঘটিত হৈছে।মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ। ৩ নং বাগটা শান্তিপুৰ চুবুৰীৰ যোগেশ দাস আৰু আৰতিৰ দাসৰ পুত্ৰ মিটুল দাসে (৩৩) ।


গৰ্জন বিলৰ পুখুৰীত মাছ মাৰিবলৈ গৈ যোৱা নিশা কৰুণ মৃত্যুক সাবটি লয়।অৱশ্যে মঙ্গলবাৰে মাছ মাৰিবলৈ গৈ মিটুলে বহুসময় ধৰি ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে বিছাৰি আহি বিলৰ মাজত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনক।

ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰন কৰে।যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰে।

Leave A Reply

Your email address will not be published.