Breaking

লখিমপুৰত প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টীৰ পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান

0 56

লখিমপুৰত পৌৰসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পোন প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টীয়ে লখিমপুৰ পৌৰসভা নিৰ্বাচনত তিনিটা ৱাৰ্ডত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়ালৰ নেতৃত্বত চলা আপৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ নিৰ্বাচনীত অৱৰ্তীণ। পৌৰসভাৰ অন্তৰ্গত ১৪নং (চি)ৱাৰ্ডৰ আপৰ মনোনীত প্ৰাৰ্থী উদিতা দাসৰ হৈ বৃহৎ ৰেলী ।উক্ত ৰেলিত ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা লখিমপুৰ পৌৰসভা নিৰ্বাচনৰ তত্ত্বাৱধায়ক ৰাজীৱ আহমেদৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল।

লখিমপুৰত এইবাৰ তিনিখন আসন আম আদমী পাৰ্টীৰ দখলত থাকিব বুলি বিষয়ববীয়া সকলে দাৱী কৰাৰ লগতে লখিমপুৰ জিলাখনক দিল্লীৰ দৰে নিকা কৰা পাৰম্ভিক আখৰা আৰম্ভ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।


Leave A Reply

Your email address will not be published.