Aamir Khan: এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে জন্মদিন উদযাপন কৰিলে আমিৰ খানে, প্ৰকাশ কৰিলে প্ৰেমিকাৰ নাম !

জন্মদিনৰ বিশেষ উপলক্ষে প্ৰেয়সীৰ বিষয়ে প্ৰকাশ কৰিলে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। কেইবামাহো ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই নতুন প্ৰেমিকাৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে।(Aamir Khan)আমিৰ খানে আজি ৬০ সংখ্যক জন্মদিন উদযাপন কৰিছে। ৬০ বছৰীয়া জন্মদিনত প্ৰেয়সীৰ লগত চিনাকি কৰাই দিলে অভিনেতাগৰাকীয়ে। দুয়োকে প্ৰথমবাৰৰ বাবে একেলগে দেখা গ’ল।

লগতে অভিনেতাগৰাকীয়ে পাপাৰাজীক আবেদন জনাইছে যে তেওঁৰ ব্যক্তিগত জীৱনৰ গোপনীয়তাক যাতে সন্মান কৰে আৰু প্ৰেমিকাৰ মুখখন কাকো দেখুৱাব নালাগে। এই সময়ত আমিৰ খানৰ প্ৰেমিকা গৌৰীৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে। প্ৰেয়সীক গৌৰীৰ লগত চিনাকি কৰাই দি সকলোকে আচৰিত কৰি তুলিছে আমিৰে। ৬০ বছৰীয়া জন্মদিনত আমিৰে পাপাৰাজীৰ সৈতে কেক কাটি প্ৰেমিকাক চিনাকি কৰাই দিয়ে।

আমিৰ খানৰ প্ৰেমিকা গৌৰী চলচ্চিত্ৰ জগতৰ নহয়। বেংগালুৰুৰ বাসিন্দা। কোৱা হৈছে যে তেওঁৰ এটা ৬ বছৰীয়া সন্তানো আছে। তেওঁলোকৰ সম্পৰ্কৰ কথা কওঁতে আমিৰে স্পষ্ট কৰি দিয়ে যে তেওঁ গৌৰীক লাইমলাইটৰ পৰা আঁতৰাই ৰাখিব বিচাৰে আৰু লগতে পাপাৰাজীক গৌৰীৰ ফটো শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনায় আৰু তেওঁলোকৰ সম্পৰ্কক ব্যক্তিগতভাৱে ৰাখিবলৈ কয়।

Related Articles