Breaking

বিভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান

0 1,544

আজি আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ, আমছু নেতা মনোৱাৰ হুছেইনৰ নেতৃত্বত জিলা সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্যকৰী সভাপতি মামুন ৰচিদ,  উপ সভাপতি ক্ৰমে- মুফচ্ছিল খান, সেলিম উদ্দিন, শ্বিবিৰ আহমেদ সহ আমছু হোজাই জিলা সমিতিৰ এটা সজাতি দলে হোজাইৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দহ দফীয়া দাবীত জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা দাবী সমূহ হলক্ৰমে  হোজাই জিলাত সকলো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আনুপাতে শিক্ষকৰ নিযুক্তি, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে প্ৰয়োজন হোৱা উপাৰ্জনৰ প্ৰমাণপত্ৰ ক্ষেত্ৰত ভূমি কৰৰ ( খাজনা) ৰচিদ নোহোৱাকৈ প্ৰদান কৰা,জিলা খনত আমছুৱে প্ৰশাসনৰ লগত সহযোগ কৰি প্ৰায় ৫০০ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছিল কিন্তু বৰ্তমান প্ৰশাসনৰ পৰা তেনে সহযোগ নোপোৱাত জিলা খনত বাল্য বিবাহৰ দৰে ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়,  বিগত দিনত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ সম্পন্ন হৈছিল। আমাৰ দাবী সকলো ভূমিহীন লোকক জৰিপ কৰি ভূমি আবন্টন দি সংস্থাপন নকৰা পৰ্যন্ত উচ্ছেদ নকৰা,  অতিৰিক্ত ওজন বহন কৰি চলাচল কৰা বালিৰ বাহনে যমুনামূখ সমষ্টিৰ পূব অঞ্চল সহ গ্ৰাম্য পথ সমূহ বিধস্ত কৰি পেলাইছে, যাৰ ফলত ছাত্ৰ ছাত্ৰী , ৰোগী সহ সাধাৰণ ৰাইজে জীয়াতু ভূগিব লগা হৈছে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ,  হোজাই জিলাত বান বিধস্ত লোক সকলক অনতি পলমে দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ জৰিয়তে ক্ষতিপূৰণ দিয়া, বানবিধস্ত অঞ্চলৰ মাথাউৰি তথা বাটপথ অনতিপলমে নিৰ্মাণ কৰা,,যমুনা নৈত অবৈধ খনন বন্ধ কৰা, NRC ৰ পৰা নাম কৰ্তন হোৱা লোক সকলে অনাগত দিনত ন্যায়াধিকৰণত আবেদন কৰিব লাগিব আৰু সেইটো কৰিব যাওঁতে ভোটাৰ তালিকাৰ সত্য প্ৰমাণিত নকলৰ প্ৰয়োজন হব। ইতিমধ্যেই বহু লোকে আবেদন কৰিছে কিন্তু বিভিন্ন কাৰণত সেইবোৰ জাৰি হোৱা নাই। গতিকে ভোটাৰ তালিকা সহ সকলো প্ৰয়োজনীয় নথিপত্ৰ আবেদনকাৰী সকলক কম সময়ৰ ভিতৰত প্ৰদান কৰা আৰু হোজাই জিলাত বিকল হৈ থকা প্ৰতিটো পানী যোগান প্ৰকল্প কাৰ্য্যক্ষম কৰাৰ উপৰিও প্ৰতিখন গাওঁ “জল জীৱন” আচনীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ।

Leave A Reply

Your email address will not be published.