Breaking

কংগ্ৰেছ, বিজেপি, চিপিএম ত্যাগ কৰি তিনি শতাধিকৰ আপত যোগদান ডিগবৈত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা

0 22

বিজেপি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ প্ৰতি মোহ ভংগ হৈ দেওবাৰে ডিগবৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিত যোগদান কৰিলে তিনি শতাধিক লোকে।

আপৰ যুৱ শক্তি আৰু ডিগবৈ সমষ্টি সমিতিৰ উদ্যোগত আয়োজিত বৃহৎ যোগদান কাৰ্যসূচীত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আপত যোগদান কৰে বিজেপিৰ প্ৰেম বাহাদুৰ ছেত্ৰী, হৰেন দাস, পংকজ বৰা, কংগ্ৰেছৰ গুণ মাহাতো, ফৰিদা বেগম, চিপিএমৰ শ্ৰমিক নেতা দুৰ্গা ছেত্ৰী, ধৰ্ম কুমাৰ, শান্তনু দৈমাৰীৰ সৈতে গোলাই গাওঁ পঞ্চায়তৰ তিনি শতাধিক নেতা-কৰ্মীয়ে।

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কৰ্মৰ ৰাজনীতি আৰু দলৰ নীতি- আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰে। দলত যোগদান কৰা নৱাগত কৰ্মী সকলক আদৰণি জনাই ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয়, ” দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টিৰ চৰকাৰে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰিছে।

মহল্লা ক্লিনিক স্থাপন কৰি সকলোৰে বাবে স্বাস্থ্য সেৱা সুনিশ্চিত কৰিছে। শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। বিনামূলীয়া বিদ্যুত যোগান কৰিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ সকলোতে ব্যৰ্থ হৈছে।

গতিকে অসমতো ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত কংগ্ৰেছ- বিজেপিৰ বিকল্প হিচাপে আম আদমী পাৰ্টিয়ে ৰাইজৰ মাজত শক্তিশালী ভেটি গঢ়ি তুলিব লাগিব। ” দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰেও নতুনকৈ আপত যোগদান কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰে।

দলৰ কৰ্মী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ’বলৈ আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়াও উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.