AAP। জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধিতা ‘আপ’ৰ

গুৱাহাটী,১৬ অক্টোবৰঃ ” অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ প্ৰকোপৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জীৱন দায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তই নিম্ন আয়ৰ ৰোগীৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল’ব। যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত বিনামূলীয়া ঔষধ যোগান দিয়াত ব্যৰ্থ হৈছে সেই সময়ত চৰকাৰে ৮ বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম ৫০ শতাংশলৈ বৃদ্ধি কৰি জনসাধাৰণৰ বাবে আতংক সৃষ্টি কৰিছে। (AAP)

আম আদমী পাৰ্টিয়ে ঔষধৰ মূল্যবৃদ্ধি অবিলম্বে প্ৰত্যাহাৰ কৰাৰ লগতে চৰকাৰী হাস্পতালত পৰ্যাপ্ত পৰিমাণে বিনামূলীয়া ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাওঁ ।” আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হঠাতে চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰাৰ বিৰুদ্ধে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তদুপৰি আপৰ নেতাগৰাকীয়ে অসমৰ চৰকাৰী হাস্পতালৰ শোচনীয় অৱস্থা সন্দৰ্ভত কয়,” ৰাজ্যৰ নিম্ন উপাৰ্জনৰ দৰিদ্ৰ ৰোগী সকলৰ একমাত্ৰ ভাৰসা চৰকাৰী চিকিৎসালয়। কিন্তু এই সমূহত প্ৰয়োজনীয় চিকিৎসক, লেবৰেটৰী আৰু পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা নাই। সেয়েহে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে ৰোগীৰ বিনামূলীয়া আৰু উন্নত মানৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা উচিত। “
আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা স্কুল ড্ৰপ আউট বা বিদ্যালয় এৰা শিক্ষাৰ্থীৰ বিষয় সন্দৰ্ভতো আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। শেহতীয়া তথ্য অনুসৰি অসমত স্কুল ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যা ৮.৪৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সন্দৰ্ভত ধানোৱাৰে কয়, ” বিভিন্ন অজুহাতত চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰি চৰকাৰী শিক্ষাখণ্ডলৈ দুৰ্দিন কঢ়িয়াই আনিছে।

বছৰৰ পিছত বছৰ ধৰি শিক্ষক সকলক অশৈক্ষিক কাম-কাজত জড়িত কৰাই ৰাখিছে। এনে সময়ত ড্ৰপ আউট শিক্ষাৰ্থী বৃদ্ধিৰ হাৰ সচেতন ৰাজ্যবাসীৰ বাবে উদ্বেগৰ বিষয়। আমি আম আদমী পাৰ্টিয়ে অসম চৰকাৰক শিক্ষা খণ্ডৰ উন্নয়নৰ স্বাৰ্থত দিল্লী চৰকাৰৰ মডেল গ্ৰহণ কৰিবলৈ আহ্বান জনাও। দিল্লীৰ আপৰ চৰকাৰে যিদৰে চৰকাৰী স্কুলত বিশ্ব মানৰ শিক্ষা প্ৰদান কৰিছে, অসমতো একেধৰণৰ বিদ্যালয় স্থাপন আৰু সা সুবিধা প্ৰদান কৰিলে নিশ্চয় আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা নাইকিয়া হ’ব।

অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ পুঁজি আবন্টন দিছে, এনে সময়ত ড্ৰপ আউট ছাত্ৰ- ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তনীয় বিষয়। তদুপৰি যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে, সেই সময়ত মাতৃভাষা মাধ্যমৰ স্কুল বন্ধ কৰা বা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ তথ্য দুৰ্ভাগ্যজনক। “

Related Articles