Breaking

সাহিত্যিক, সাংবাদিক, সমালোচক, কবি গল্পকাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আপকু তিনিচুকীয়া জিলা সমিতিৰ

0 2,053

অসম আৰু অসমীয়াৰ গৰ্ব বিশিষ্ট সাহিত্যিক, কথা শিল্পী, সাংবাদিক, গল্পকাৰ, কবি, সমালোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬. ৫৮ বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত অসমৰ অপূৰণীয় ক্ষতি সাধন হৈছে। ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰা এইগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  জশশ্ৰী সাহিত্যিকে অসমীয়া সাহিত্য জগতলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই এক প্ৰকাৰৰ নৱপ্ৰজন্মৰ বাটকটীয়া হিচাপে গুৰি ধৰিছিল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক বিবৃতি প্ৰেৰণ কৰিছে আসাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ “আপকু” তিনিচুকীয়া জিলা সমিতিয়ে। ইফালে ডিৰাক আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন, ফিল’বাৰী সাংবাদিক চ’ৰা, বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভা, পেঙেৰী শাখা সাহিত্য সভা, কুৰুকানী গাঁও উন্নয়ন দাবী সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.