Breaking

মাকুমত আপৰ যোগদান কাৰ্যসূচী ! আপত যোগ দিলে কংগ্ৰেছৰ ভগীৰথী গোৱালা, বিজেপিৰ পিটাৰ নন্দই…

0 23

তিনিচুকীয়া জিলাৰ মাকুম বিধান সভা সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভগীৰথী গোৱালাৰ দলত্যাগ। আজি কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। মাকুমৰ হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কংগ্ৰেছ দলৰ পৰা ক্ৰমে দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল গোৱালা। তদুপৰি আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্ৰিয় নেতাগৰাকীয়ে টিপুক সমবায় সমিতিৰ প্ৰাক্তন সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। আজি আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সহযোগী আহ্বায়ক মনোজ ধানোৱাৰ, আপ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়া আৰু দলৰ চাহ শক্তিৰ নেতা যোগেশ্বৰ কুৰ্মীৰ উপস্থিতিত ভগীৰথী গোৱালাই আপত যোগদান কৰে। আনহাতে, আম আদমী পাৰ্টিৰ

নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিৰ সংখ্যালঘু কোষৰ প্ৰাক্তন মণ্ডল সভাপতি পিটাৰ নন্দ আৰু অনিল কুমাৰে বিজেপি ত্যাগ কৰি আপত যোগদান কৰে। কাৰ্যসূচীত এই সকল নেতাৰ লগতে বাঘজান আৰু কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুসংখ্যক কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকেও আম আদমী পাৰ্টিত যোগ দিয়ে। নতুনকৈ দলত যোগদান কৰা নেতা-কৰ্মী সকলক আম আদমী পাৰ্টিলৈ আদৰণি জনাই দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰে কয়, ” কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যি

প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰিব পৰা নাই। সেইবাবেই আপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি পাইছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই আমাৰ দললৈ বহু নেতা কৰ্মীৰ যোগদান হ’ব। সকলোৰে সহযোগিতাত আমি কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। ” যোগদান কাৰ্যসূচীত আপ যুৱ শক্তিৰ আহ্বায়ক বাবুল বিকাশ চেতিয়াই যুৱ প্ৰজন্মক ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আপক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.