Aaronyak: সংৰক্ষণ বিজ্ঞানী বিভৱ তালুকদাৰলৈ ‘আইইউচিএন বঁটা’

গুৱাহাটী, ২৬ অক্টোবৰ : প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠভাৱে কাম কৰি থকা অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা ‘আৰণ্যক’ৰ(Aaronyak) সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আইইউচিএন)ৰ(IUCN Award 2024) “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন” (এছএছচি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে।

ধাবিত চলি থকা আৰু জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিবৰ্তনৰ অংগাংগী সংকট মোচনৰ উপায় বিষয়ক আলোচনাৰ বাবে বিশ্বৰ প্ৰায় ৩০০ সংৰক্ষণ বিশেষজ্ঞ সমবেত হোৱা পঞ্চম “আইইউচিএন এছএছচি লীডাৰ্চ” বৈঠকত শুকুৰবাৰে ড: তালুকদাৰক এই বঁটাটো প্ৰদান কৰা হয়।

“স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”ৰ কৰ্মৰ অংশহিচাপে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰভিত্তিক অবদানৰ স্বীকৃতিস্বৰুপে ড: তালুকদাৰক(Conservation Scientist Bibhab Talukdar) বঁটাটো প্ৰদান কৰা হৈছে।(Species Survival Commission SSC)

উল্লেখ্য, এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ সংৰক্ষণ বাবে গ্ৰহণ কৰা শক্তিশালী উদ্যোগৰ অংশহিচাপে ড: তালুকদাৰে তিনিখন “এছিয়ান ৰাইনো ষ্টেটছ” সন্মিলন অনুষ্ঠিত কৰাত সময়োচিত আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰে প্ৰথমখন ইণ্ডোনেচিয়াৰ বন মন্ত্ৰালয়ৰ সহযোগত দেশখনৰ বন্দৰ লামপুঙত অনুষ্ঠিত কৰা হৈছিল।

দ্বিতীয়খন ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীত আৰু তৃতীয়খন নেপাল চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী বিভাগৰ সহযোগত ছিটৱান ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হৈছিল।

এই সন্মিলনত এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থে যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছিল।

ড: তালুকদাৰ উত্তৰ পূৱ ভাৰতৰ অগ্ৰণী, গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranya.org) প্ৰতিষ্ঠাপক সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া।

১৯৮৯ চনত এমুঠিমান যুৱ প্ৰকৃতি অনুৰাগীক লৈ গঠন কৰা আৰণ্যক ড: তালুকদাৰৰ নেতৃত্বত এক গৰিমাময় আৰু ঘটনাবহুল পৰিক্ৰমাৰে দেশৰ অন্যতম লেখত লবলগীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাত পৰিণত হৈ পৰিছে।

সংস্থাটোৰ বিভিন্ন বিভাগৰ সৈতে বৰ্তমান প্ৰায় দুশ লোক নিয়োজিত হৈ আছে।

গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতিস্বৰুপে আই ইউ চি এনে ২০০৮ চনত ড: তালুকদাৰক ইয়াৰ এছীয় গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰে।

অসমৰ সংৰক্ষণবিদে লাভ কৰা এইটো এটা বিৰল স্বীকৃতি। অতি বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ইণ্ডোনেচিয়াৰ সংৰক্ষণ সংস্থাসমূহেও ড: তালুকদাৰক আমন্ত্ৰণ কৰিছিল।

তেওঁ ২০০৭ চনৰ জুলাইৰ পৰা ২০১০ চনৰ মে’ পৰ্যন্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ, ২০১০ৰ পৰা ২০১২ লৈ হস্তী প্ৰকল্প কৰ্ণধাৰ সমিতিৰ আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কৰ্মআঁচনি ২০১৭-৩১ প্ৰস্তুতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ অসম চৰকাৰক “ইণ্ডিয়ান ৰাইনো ভিছন ২০২০”ৰ কাৰ্যকৰীকৰণত সহায় কৰিছিল আৰু এই প্ৰকল্পৰ জৰিয়তে ২০০৮ আৰু ২০২২ চনৰ ভিতৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২২ বন্য গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সফলতাৰে স্থানান্তৰ কৰা হৈছিল।(Eastern Himalaya)

ড: তালুকদাৰে ৭০খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। তেওঁ সহ-প্ৰণেতা হিচাপে থকা দুখন গৱেষণা পত্ৰ প্ৰখ্যাত জাৰ্ণেল “ছায়েন্স”ত প্ৰকাশ হৈছে। বিগত ২৫ বছৰত তেওঁ সমন্বয়ক হিচাপে ৬০ টাৰো অধিক প্ৰকল্প সম্পূৰ্ণ কৰিছে।

Related Articles