তিনিচুকীয়া, ২৯ জানুৱাৰী: AASU । সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইক বুধবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উষ্ম আদৰণি জনায়।
শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত তিনিচুকীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা সমৰজ্যোতি গোঁহাই কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পদৰ দায়িত্ব লাভ কৰে। এই দায়িত্ব গ্ৰহণৰ পিছত নিজ গৃহ জিলা তিনিচুকীয়ালৈ উপস্থিত হোৱাৰ লগে লগে জিলাৰ ছাত্ৰসন্থাই সমৰজ্যোতি গোঁহাইক এক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনে।
তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰসন্থাৰ সদস্যসকলে মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীৰ অন্তত সমৰজ্যোতি গোহাঁইক ফটকা ফুটাই চেলেং গামোছাৰে উষ্ম আদৰণি জনোৱা হয়।
উষ্ম আবেগ আৰু উল্লাসৰে পৰিপূৰ্ণ এই অনুষ্ঠানই আছুৰ নতুন নেতৃত্বৰ প্ৰতি জিলা ছাত্ৰসন্থাৰ বিশ্বাস আৰু সমৰ্থনৰ প্ৰতিফলন ঘটায়। সমৰজ্যোতি গোঁহাইয়ে জিলা ছাত্ৰসন্থাৰ সকলো সদস্যৰ সহযোগত দায়িত্ব সজাগতভাৱে পালন কৰাৰ আশ্বাস প্ৰদান কৰে।