Breaking

আৰ টি আইৰ তথ্যত ফাদিল জুৰীয়া উন্নয়ন খণ্ডৰ বৃহৎ কেলেংকাৰী : আৰক্ষী থানাত গোচৰ ৰুজু ।

0 55

টুকটুকী, নগাঁও

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত বিগত সময়ছোৱাত এম জি এনৰেগাকে প্ৰমুখ্য কৰি বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়নত সংঘটিত হৈছে কেৱল দুৰ্নীতি আৰু লুণ্ঠন । আনকি এই আঁচনিবোৰৰ লগত জড়িত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতা নীতি পৰিহাৰ কৰি যেন চৰকাৰী ধন উদৰস্থ কৰাৰ প্ৰতিযোগিতাতহে নামি পৰিছে । কিয়নো কোনোটো পঞ্চায়তত যদিহে প্ৰধানমন্ত্ৰী আবাস যোজনাত কেলেংকাৰী হৈছে, তেন্তে আন কোনোটো পঞ্চায়তত হৈছে ভুৱা আঁচনিৰে চৰকাৰী ধনৰ হৰলুকি ৷ তদুপৰি কোনোটো পঞ্চায়তত আকৌ জৱ কাৰ্ডৰ জৰিয়তে আত্মসাৎ কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ ধন । মুঠতে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত জুৰীয়া উন্নয়ণ খণ্ডৰ এলেকাধীন পঞ্চায়তসমূহত এতিয়া দুৰ্নীতিয়েই যেন হৈ পৰিছে নীতি ৷ কিন্তু শেহতীয়াভাবে এই উন্নয়ণ খণ্ডটোত সংঘটিত হোৱা এনে এক দুৰ্নীতিৰ তথ্য আৰ টি আইৰ জৰিয়তে পোহৰলৈ আহিছে । জানিব পৰা মতে, এছ অ’ পি ডি ২০১৭-১৮ বৰ্ষৰ নিৰ্মিত  ‘সৌৰশক্তিযুক্ত পোহৰ তথা পানী উত্তোলন সহ ৰাজহুৱা শৌচাগাৰ নিৰ্মান আচঁনি’ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ ইয়াৰে মুঠ আঠ লাখ টকা ব্যয়ৰে বলিকটিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডুমডুমীয়া বজাৰ সংলগ্ন খেল পথাৰত এই আঁচনিৰ কাম বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ কৰা হৈছিল । প্ৰাপ্ত তথ্য মতে, এই আচঁনিখন নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিত মুঠ ৪ লাখ টকা অনুমোদন জনোৱা হৈছিল ৷ কিন্তু ৩,৩৭,৭৬৫ টকা প্ৰথম পৰ্যায়ত উক্ত আচঁনিত ব্যৱহাৰিক হিচাপে ভূৱা বিল বনাই কাগজে পত্ৰই খৰছ কৰা দেখুৱাই সেই সময়ৰ উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আলতাফ হুছেইন আৰু যুটীয়া স্বাক্ষৰকাৰী প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱশীষ বৈশ্যই আঁচনিৰ ধন সমুদায় হৰলুকি কৰে । অভিযোগ অনুসৰি ,বিষয়া দুজনে এক গোপন বুজাবুজিৰে নাম মাত্ৰ কাম কৰিয়েই কৌশলেৰে আঁচনিখন সম্পূৰ্ণ নহওঁতেই প্ৰথম পৰ্যায়তেই লাখ লাখ টকা আত্মসাৎ কৰে । কিন্তু দুৰ্নীতিপৰায়ণ বিষয়াদ্বয়ৰ এনে বিয়াগোম কেলেংকাৰীৰ বিষয়ে আৰ টি আইৰ জৰিয়তে বৰ্তমান উন্মোচিত হোৱাত স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে, এনে কেলেংকাৰীক লৈ ক্ষুভিত হৈ পৰা স্থানীয় এজন সচেতন ব্যক্তিয়ে যোৱা ১৯ মে’ত দগাঁও আৰক্ষী পহৰা চকীত উক্ত আচঁনিখনত সংঘটিত হোৱা দুৰ্নীতিৰ উচিৎ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাত দগাঁও আৰক্ষীয়ে  ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪২০/৪০৬ ধাৰাত ২০৩ নম্বৰত এটি গোচৰ ৰুজু কৰি বৰ্তমান তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.