Breaking

অভিশপ্ত মিংমাং ৰূপহী জলপ্ৰপাতঃ নিৰুদিষ্ট দুই যুৱকৰ মৃতদেহ উদ্ধাৰ! জলপ্ৰপাত ছীল কৰাৰ দাবী স্থানীয় ৰাইজৰ…

0 128

ক্ৰমশঃ খঙাল ৰূপ লৈছে প্ৰকৃতিৰ ৰূপৱতী, লাস্যময়ী কন্যা মিংমাং ৰূপহী জলপ্ৰপাত৷ মানুহৰ অত্যাচাৰ-উৎপীড়নত ক্ৰমশঃ অভিশপ্ত হৈ পৰা মিংমাং ৰূপহী জলপ্ৰপাতে পুনৰ দুগৰকী যুৱকৰ প্ৰাণ কাঢ়ি নিছে৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ মিংমাং ৰূপহী  জলপ্ৰপাতত শুক্ৰবাৰে  নিৰুদিৰ্ষ্ট হোৱা দুই যুৱকৰ নমৃতদেহ উদ্ধাৰ কৰা হৈছে৷ শনিবাৰে পুৱা ১০ বজাত অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ যুৱক লংলেট চাউলাৰ মৃতদেহ জলপ্ৰপাতটোৰ এক কিলোমিটাৰ দূৰত্বৰ নামনিত শিল আৰু জাবৰৰ দমৰ মাজৰ পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ  বিপৰীতে ধেমাজি জিলাৰ গোগামুখ তাজিক গাঁৱৰ যুৱক গোলাপ পেগুক মৃতদেহ দুপৰীয়া ১২ বজাত জলপ্ৰপাতটোৰ প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ নামনিত শিলৰ ফাঁকৰ মাজত সোমাই থকা অৱস্থাত স্থানীয়  ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে৷

গেৰুকামুখ আৰক্ষীয়ে স্থানীয়  ৰাইজৰ সহায়ত মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ তাজিক গাঁৱৰ যুৱক গোলাপ পেগু আৰু অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ যুৱক লংলেট চাউলাই শুক্ৰবাৰে দুপৰীয়া গোগামুখৰ  মিংমাং ৰূপহী জলপ্ৰপাতত তিনি-চাৰিগৰাকী সতীৰ্থৰ সৈতে গা ধুবলৈ গৈছিল আৰু জলপ্ৰপাতটোৰ ওখ থিয় গৰাৰ পৰা জলপ্ৰপাতটোৰ তললৈ জাঁপ মাৰি গা ধুইছিল৷ এনে সময়তে গোলাপ পেগু আৰু লংলেট চাউলা জলপ্ৰপাতটোৰ ভেকুলী আকৃতি সদৃশ সুৰংগত সোমাই পৰে আৰু দুয়োগৰাকী তাতেই মৃত্যু বৰণ কৰে৷ স্থানীয়  ৰাইজ, আৰক্ষী আৰু এছ ডি আৰ এফৰ দলে যুৱক দুজনক উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল৷ প্ৰাপ্ত তথ্য মতে জলপ্ৰপাতটোৰ ভেকুলী সদৃশ সুৰংগটো ২০-২৫  ফুট দ আৰু ২৮-২৯  ফুট বহল৷ উক্ত সুৰংগটোত  পকনীয়াৰ দৰে অবিৰাম গতিত পানী ঘুৰি ঘুৰি বৈ থাকে৷ সুৰংগটোত সোমাই পৰিলে তাৰ পৰা যিকোনো ব্যক্তি বা লোক ওলাই অহা প্ৰায় অসম্ভৱ৷ শনিবাৰে মৃত্যুক সাৱতি লোৱা যুৱক দুজনো উক্ত সুৰংগতে আৱদ্ধ হৈ পৰিছিল৷ স্থানীয় ৰাইজে যুৱক দুজনৰ মৃত্যু প্ৰায় নিশ্চিত বুলি সাংবাদিকক জানিবলৈ দিছিল আৰু ধাৰাসাৰ বৰষুণ দিলেহে সুৰংগটোৰ পৰা মৃত যুৱক দুজন পানীৰ প্ৰবল সোঁতত ওলাই আহিব বুলিও জানিবলৈ দিছিল৷ শুক্ৰবাৰে পুৱতি নিশাৰ পৰা পুৱা ৮ বজালৈ মিংমাং অঞ্চলত ধাৰাসাৰৰ বৰষুণ দিছিল আৰু জলপ্ৰপাতটোত পানী বহু উচ্চতালৈ উঠি গৈছিল৷ পানীৰ প্ৰবল সোঁতে যুৱক দুজনক সুৰংগটোৰ বাহিৰলৈ উটুৱাই লৈ অনা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ অন্তৰ্গত কাংকু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত যুৱক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নামনি চিয়াং জিলাৰ সদৰ লিকাবালিলৈ লৈ গৈছে ৷ স্থানীয় ৰাইজে অভিযোগ জলপ্ৰপাতটোলৈ অহা প্ৰায়বোৰ যুৱক-যুৱতী উশৃংখল, শিষ্টাচাৰহীন, সুৰাসক্ত৷

মদ-ভাং, ড্ৰাগছৰ নিচাত মাতাল উশৃংখল চিঞৰ-বাখৰ কৰি আহিছে৷ তদুপৰি বহু উশৃংখল, নিচাসক্ত যুৱক-যুৱতীয়ে  জলপ্ৰপাতটোৰ নামি অহা ৰূপহী জান নদীত প্ৰস্ৰাৱ-পাইখান কৰি নদীখন ধাৰাবাহিভাৱে প্ৰদূষিত কৰি আহিছে৷ যধেমধে সুৰা সেৱন আৰু পিক্‌নিক খোৱাৰ বাবে  এতিযা ৰূপহী জান নদী মদৰ খালী বটল, ভঙা চিচা ভৰি পৰিছে৷ পিক্‌নিক খোৱাৰ পাছত প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই দিয়াৰ ফলত নদীখন আৱৰ্জনাৰে ভৰি পৰা বুলিও স্থানীয়  ৰাইজে অভিযোগ কৰিছে৷ অথচ এই ৰূপহী জান নদীৰ পানীৰে মিংমাং ৰূপহীবাসী জীৱন নিৰ্বাস কৰি আহিছে৷ সুৰাসক্ত যুৱক-যুৱতীৰ অমাৰ্জিত আচৰণ আৰু কথা-বাৰ্তাও  মিংমাং ৰূপহী অঞ্চলৰ পৰিৱেশ বিঘ্নিত কৰিছে৷ কাৰণতে  স্থানীয় ৰাইজে জলপ্ৰপাতলৈ মানুহৰ অহা-যোৱা বন্ধ কৰি ৰাখিছিল৷ কিন্তু একাংশ যুৱক-যুৱতীয়ে জলপ্ৰপাতটোলৈ গোপনে অহা-যোৱা কৰি থকাত স্থানীয়  ৰাইজ উদ্বিগ্ন হৈ পৰিছে জলপ্ৰপাতটো ছীল কৰিবলৈ ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.